এজন যুৱকৰ চুলিৰ আকৰ্ষণীয় ডিজাইন দেখি প্ৰশংসাত পঞ্চমুখ হ’ল মুখ্যমন্ত্ৰী! মঙলবাৰে আপলোড হোৱা এটা ভিডিঅ’ত যুৱকজনৰ চুলিৰ কাট আৰু ষ্টাইল দেখি মুখ্যমন্ত্ৰীয়ে ‘বঢ়িয়া’ বুলি প্ৰশংসা কৰা দেখা যায়।
কথোপকথনৰ মাজতে মুখ্যমন্ত্ৰীয়ে যুৱকজনক সোধে—গাঁৱতো এনেধৰণৰ ধুনীয়া চুলিৰ ডিজাইন কৰা হয় নেকি? যুৱকজনে উত্তৰত কয়, হয়, গাঁৱতো এনে ষ্টাইল আছে।
ইয়াৰ পিছতে যুৱকজনে নাটকত অভিনয় কৰিব নেকি বুলিও সোধা হয়। যুৱকজনে অলপ অংশ লোৱাৰ কথা ভাবিছিল বুলি জনায় যদিও শৰীৰৰ কিছু সমস্যাৰ বাবে আগবাঢ়িব পৰা নাই বুলি উল্লেখ কৰে।
কথোপকথনত দুদিন জিৰণি লোৱাৰ প্ৰসংগও উঠে। ভিডিঅ’টোৰ শেষত মুখ্যমন্ত্ৰীয়ে যুৱকজনক সোধে—“What are you doing?”