লক্ষ্ণৌ: ৰায়বেৰেলী ঘাইপথৰ হৰিকংশগড়ীত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত ২০ বছৰীয়া সমীক্ষাৰ মৃত্যু হৈছে। ঘটনাটোত আন চাৰিজন লোক আহত হৈছে।
হৰিকংশগড়ীস্থিত আল্ট্ৰাটেক গিট্টি প্লাণ্টৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয়।
প্লাণ্টটোৰ পৰা ওলাই আহি থকা এখন ডাম্পাৰত পিছফালৰ পৰা এখন গাড়ী সোমাই পৰে। সেই সময়তে পিছফালৰ পৰা অহা এখন ট্ৰাকেও গাড়ীখনত খুন্দা মাৰে।
দুয়োখন গধুৰ বাহনৰ মাজত গাড়ীখন চেপা খাই ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয়। আহতসকলৰ বিষয়ে আন কোনো তথ্য প্ৰকাশ পোৱা নাই।