২০ নৱেম্বৰ:

‘নতুন বছৰৰ পিছতহে ইৰাণত পৰৱৰ্তী আক্ৰমণৰ সিদ্ধান্ত ল’ম’ ।ইৰাণক লৈ কোনো খৰখেদা সিদ্ধান্ত ল’ব বিচৰা নাই — ড’নাল্ড ট্ৰাম্প।

ইৰাণৰ বিৰুদ্ধে পুনৰ সামৰিক আক্ৰমণ চলোৱাৰ সিদ্ধান্ত ২০২৭ চনৰ আৰম্ভণিৰ পিছতহে ল’ব বুলি জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

১৯ নৱেম্বৰত চীন ভ্ৰমণ সামৰি আমেৰিকালৈ উভতি অহাৰ পথত এয়াৰ ফ’ৰ্চ ৱানত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত ট্ৰাম্পে কয় যে, ইৰাণ সন্দৰ্ভত কোনো সিদ্ধান্ত ল’বলৈ তেওঁৰ খৰখেদা নাই। নতুন বছৰৰ আৰম্ভণিৰ পিছত পৰিস্থিতি চাই সিদ্ধান্ত ল’ব বুলি তেওঁ উল্লেখ কৰে।

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, দলং, বিদ্যুৎ কেন্দ্ৰ আৰু সামৰিক ঘাটিক লক্ষ্য কৰি আক্ৰমণৰ বিকল্প বিবেচনা আমেৰিকাৰ।

ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত পুনৰ আক্ৰমণ চলোৱাৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ওপৰত হেঁচা দি অহাৰ সময়তে ট্ৰাম্পৰ এই মন্তব্য প্ৰকাশ পাইছে।

ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ মুৰব্বী ৰোমান গফমেনে শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণ কৰি আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সঞ্চালকৰ সৈতে আলোচনা কৰিছিল বুলি জানিব পৰা গৈছে।

বৰ্তমান আমেৰিকাই ইৰাণৰ বিৰুদ্ধে নৌ-অৱৰোধ আৰু কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা অব্যাহত ৰাখিছে। ট্ৰাম্পৰ একাংশ উপদেষ্টা আৰু উপসাগৰীয় দেশসমূহে সামৰিক আক্ৰমণৰ পৰিৱৰ্তে এই অৰ্থনৈতিক হেঁচা অব্যাহত ৰখাৰ পৰামৰ্শ দিছে বুলি প্ৰকাশ পাইছে।

আমেৰিকা আৰু ইজৰাইলৰ সম্ভাব্য যৌথ সামৰিক অভিযানৰ আলোচনা সম্পূৰ্ণৰূপে বন্ধ হোৱা নাই। সম্ভাব্য লক্ষ্যৰ তালিকাত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, দলং, বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু সামৰিক তথা অসামৰিক নেতৃত্বৰ কিছুমান স্থান অন্তৰ্ভুক্ত হ’ব পাৰে। এনে আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে উপসাগৰীয় দেশসমূহৰ তেল আৰু গেছ আন্তঃগাঁথনিত আক্ৰমণ চলাব পাৰে বুলি আমেৰিকাৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱা মহলত আশংকা প্ৰকাশ পাইছে।