১৭ নৱেম্বৰ ,২০২৬ :

অসমত ৩দিন চকা বন্ধ ঘোষণা। ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ বন্ধৰ কাৰ্যসূচী। ৰাজ্যজুৰি স্তব্ধ হ'ব পাৰে যাত্ৰীবাহী বাণিজ্যিক বাহনৰ চলাচল!

অসমত ২০ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টীয়া ৰাজ্যব্যাপী চকা বন্ধৰ আহ্বান জনোৱা হৈছে। মটৰ পৰিবহণ খণ্ডৰ মালিক-শ্ৰমিক সমন্বয় সমিতিয়ে বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

২২ নৱেম্বৰৰ পুৱা ৬ বজাত এই কাৰ্যসূচীৰ অন্ত পৰিব। বন্ধৰ সময়ছোৱাত ৰাজ্যজুৰি যাত্ৰীবাহী বাছ আৰু বাণিজ্যিক পৰিবহণ সেৱা বন্ধ থকাৰ সম্ভাৱনা আছে।

চাৰিটা দাবী

সমিতিখনে ব্যক্তিগত খণ্ডৰ পৰিবহণ শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰিছে। লগতে যাত্ৰীবাহী বাহনৰ ভাড়া ৭০ শতাংশ বৃদ্ধি কৰাৰ দাবীও জনাইছে।

মটৰ শ্ৰমিকসকলৰ ওপৰত চলি থকা হাৰাশাস্তি বন্ধ কৰা আৰু বাণিজ্যিক বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ জিলা পৰিবহণ কাৰ্যালয়ত জমা দিয়াৰ ব্যৱস্থা কৰাৰ দাবীও সংগঠনটোৰ অন্যতম দাবী।

গুৱাহাটীৰ লগতে নামনি, মধ্য আৰু উজনি অসমৰ বিভিন্ন অঞ্চলত এই বন্ধৰ প্ৰভাৱ পৰিব পাৰে। যাত্ৰীবাহী বাছ, চিটি বাছ, টেক্সি, মেজিক, অটো আৰু মালবাহী বাণিজ্যিক বাহনৰ চলাচল ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।

বন্ধৰ ফলত সাধাৰণ যাত্ৰীসকলৰ যাতায়াতত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। ২০ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰৰ ভিতৰত যাত্ৰাৰ পৰিকল্পনা কৰা লোকসকলক আগতীয়াকৈ পৰিবহণ সেৱাৰ শেহতীয়া তথ্য জানি বিকল্প ব্যৱস্থা সাজু ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।

জৰুৰীকালীন সেৱা, ব্যক্তিগত বাহন আৰু অন্যান্য সেৱাক বন্ধৰ পৰা ৰেহাই দিয়া হ'ব নে নাই, সেই সন্দৰ্ভত স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।

এই বন্ধৰ সময়ছোৱাত ৰাজ্যজুৰি বাছ, ট্ৰেভেলাৰ, মেজিক, কেব, অটো আৰু ট্ৰাক আদি বাণিজ্যিক বাহনসমূহৰ চলাচল স্তব্ধ হৈ পৰাৰ সম্ভাৱনা আছে।