নতুন দিল্লী, ১৯ নৱেম্বৰ: দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ৩ত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা এজন লোকক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীয়ে চমুকৈ চিআইএছএফে আটক কৰিছে। বুধবাৰে সংঘটিত ঘটনাটোত নিৰাপত্তাৰক্ষীসকলে কেইছেকেণ্ডমানৰ ভিতৰতে লোকজনক কৰায়ত্ত কৰে।

চিআইএছএফে সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা ২৫ ছেকেণ্ডৰ এটা ভিডিঅ’ত ঘটনাটোৰ দৃশ্য দেখা গৈছে। ভিডিঅ’টোত লোকজনে টাৰ্মিনেল ৩ৰ প্ৰৱেশদ্বাৰত নিয়োজিত নিৰাপত্তাৰক্ষীৰ বাধা অতিক্ৰম কৰি ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰা দেখা যায়।

কৰ্তব্যৰত এগৰাকী চিআইএছএফ জোৱানে লোকজনক বাধা দিয়াৰ সময়ত তেওঁ জোৱানগৰাকীক ঠেলি ভিতৰলৈ আগবাঢ়িবলৈ চেষ্টা কৰে। পিছত আন এজন সশস্ত্ৰ চিআইএছএফ জোৱান ঘটনাস্থলীত উপস্থিত হৈ সহযোগী জোৱানজনৰ সৈতে লোকজনক আটক কৰে।

দ্ৰুত সঁহাৰি দলৰ সদস্যসকলেও অভিযানত সহযোগিতা আগবঢ়ায়। চিআইএছএফৰ মতে, লোকজনক তৎক্ষণাত আটক কৰাৰ ফলত অননুমোদিত প্ৰৱেশ আৰু সম্ভাব্য নিৰাপত্তাজনিত বিপদ ৰোধ কৰা হয়।

চিআইএছএফে জনোৱা অনুসৰি, লোকজনৰ হাতত টাৰ্মিনেল ৩ত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় বৈধ যাত্ৰাসংক্ৰান্তীয় নথি-পত্ৰ নাছিল। বিমানবন্দৰৰ টাৰ্মিনেলত প্ৰৱেশৰ পূৰ্বে যাত্ৰীসকলৰ বৈধ যাত্ৰাৰ নথি আৰু পৰিচয়-পত্ৰ পৰীক্ষা কৰা হয়। বিমানবন্দৰৰ কৰ্মচাৰীসকলেও প্ৰৱেশৰ বাবে নিজৰ পৰিচয়-পত্ৰ দেখুৱাব লাগে।

আটকাধীন লোকজনৰ পৰিচয় আৰু তেওঁ বলপূৰ্বকভাৱে বিমানবন্দৰত প্ৰৱেশৰ চেষ্টা কৰাৰ কাৰণ প্ৰকাশ পোৱা নাই।