নতুন দিল্লী, ২ নৱেম্বৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে আগন্তুক টেষ্ট শৃংখলাৰ পূৰ্বে ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰিলে ভাৰতীয় উইকেটৰক্ষক-বেটাৰ ঋষভ পণ্টে। অৱশ্যে নিউজিলেণ্ড ভ্ৰমণৰ আশা এতিয়াও শেষ হোৱা নাই। BCCIৰ চিকিৎসা দলে তেওঁক পুনৰ ফিটনেছ পৰীক্ষাৰ সুযোগ দিব।
বেংগালুৰুস্থিত BCCIৰ Centre of Excellenceত দেওবাৰে অনুষ্ঠিত প্ৰথমটো ফিটনেছ পৰীক্ষাত পণ্টে নিৰ্ধাৰিত মানদণ্ড পূৰণ কৰিব নোৱাৰিলে। অহা দুদিনৰ ভিতৰত তেওঁৰ পুনৰ স্বাস্থ্য আৰু ফিটনেছ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰিছে চিকিৎসা দলে। এই পৰীক্ষাৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব নিউজিলেণ্ডলৈ যোৱাৰ অনুমতি।
অক্টোবৰৰ আৰম্ভণিতে ইৰাণী কাপত খেলি থকা সময়ত কাষৰ পেশীত আঘাত পাইছিল পণ্টে। ২৩ অক্টোবৰৰ পৰা তেওঁ বেংগালুৰুৰ Centre of Excellenceত পুনৰ্বাসন প্ৰক্ৰিয়াত আছে। ইতিমধ্যে বেটিং আৰু উইকেটকীপিঙৰ অনুশীলনো আৰম্ভ কৰিছে তেওঁ।
ফিটনেছ পৰীক্ষাত উত্তীৰ্ণ হ’লে ৭ নৱেম্বৰৰ পৰা নিউজিলেণ্ডৰ লিংকনত আৰম্ভ হ’বলগীয়া ভাৰত ‘এ’ আৰু নিউজিলেণ্ড ‘এ’ৰ মাজৰ তৃতীয়খন চাৰি দিনীয়া মেচত খেলাৰ সুযোগ পাব পাৰে পণ্টে। এই মেচখনৰ জৰিয়তে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উভতি অহাৰ প্ৰস্তুতি চলাব পাৰিব তেওঁ।
উল্লেখ্য, নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলতো পণ্টৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁৰ অংশগ্ৰহণ ফিটনেছৰ অনুমোদনৰ ওপৰত নিৰ্ভৰশীল। ১৯ নৱেম্বৰত ৱেলিংটনত আৰম্ভ হ’ব প্ৰথমখন টেষ্ট।
ইফালে, ভাৰতৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে পণ্টৰ ফিটনেছ সন্দৰ্ভত বৰ্তমান কোনো নিৰ্দিষ্ট তথ্য লাভ কৰা নাই বুলি জনাইছে। আনহাতে, দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ ইতিমধ্যে নিউজিলেণ্ডলৈ ৰাওনা হৈছে আৰু ভাৰত ‘এ’ৰ হৈ তৃতীয়খন চাৰি দিনীয়া মেচত খেলাৰ সম্ভাৱনা আছে।