নতুন দিল্লী, ২ নৱেম্বৰ: আগন্তুক ACC Men’s Rising Stars Asia Cup ২০২৬ৰ বাবে ১৫জনীয়া ভাৰত ‘এ’ দল ঘোষণা কৰিছে BCCI-য়ে। তিলক বৰ্মাৰ নেতৃত্বত গঠন কৰা দলটোত স্থান লাভ কৰিছে অভিষেক শৰ্মা আৰু কিশোৰ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে। অভিজ্ঞ বেটাৰ ৰজত পাটিদাৰক উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে।
নৱেম্বৰৰ ১৯ৰ পৰা ২৯ তাৰিখলৈ কাটাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ভাৰত ‘এ’ দলে অংশগ্ৰহণ কৰিব। ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে দলত স্থান লাভ কৰাটো বিশেষভাৱে চৰ্চিত হৈছে। আক্ৰমণাত্মক বেটিঙেৰে ইতিমধ্যে ক্ৰিকেটপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰিছে যুৱ খেলুৱৈগৰাকীয়ে।
দলটোত উইকেটৰক্ষক হিচাপে আছে প্ৰভছিমৰণ সিং আৰু কুমাৰ কুশাগ্ৰ। ৰিংকু সিং, সূৰ্যাংশ শ্বেঢ়গে, শ্বাহবাজ আহমেদ, বিপ্ৰজ নিগম, হৰ্ষ ডুবে আৰু তনুষ কোটিয়ানক অলৰাউণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বলিং বিভাগত আছে হৰ্ষিত ৰাণা, প্ৰিন্স যাদৱ আৰু আৰশ্বাদ খান।
ভাৰত ‘এ’ দলক গ্ৰুপ ‘বি’ত পাকিস্তান ‘এ’, নেপাল আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ সৈতে স্থান দিয়া হৈছে। ২০ নৱেম্বৰত নেপালৰ বিৰুদ্ধে খেলি ভাৰতে অভিযান আৰম্ভ কৰিব। ২২ নৱেম্বৰত পাকিস্তান ‘এ’ আৰু ২৪ নৱেম্বৰত UAEৰ মুখামুখি হ’ব দলটো।
গ্ৰুপ পৰ্যায়ৰ পৰা প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ছেমি ফাইনেলত প্ৰৱেশ কৰিব। ২৬ আৰু ২৭ নৱেম্বৰত ছেমি ফাইনেল অনুষ্ঠিত হোৱাৰ বিপৰীতে ২৯ নৱেম্বৰত ফাইনেল খেল অনুষ্ঠিত হ’ব।
ভাৰত ‘এ’ দল: অভিষেক শৰ্মা, বৈভৱ সূৰ্যবংশী, প্ৰভছিমৰণ সিং (উইকেটৰক্ষক), তিলক বৰ্মা (অধিনায়ক), ৰজত পাটিদাৰ (উপ-অধিনায়ক), ৰিংকু সিং, কুমাৰ কুশাগ্ৰ (উইকেটৰক্ষক), সূৰ্যাংশ শ্বেঢ়গে, শ্বাহবাজ আহমেদ, বিপ্ৰজ নিগম, হৰ্ষ ডুবে, তনুষ কোটিয়ান, হৰ্ষিত ৰাণা, প্ৰিন্স যাদৱ আৰু আৰশ্বাদ খান।