নতুন দিল্লী: ভাৰতত মেদবহুলতা আৰু দীৰ্ঘদিনীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। দেশৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ লোক বৰ্তমান অতিৰিক্ত ওজন বা মেদবহুলতাৰ সমস্যাত ভুগিছে। একে সময়তে চহৰাঞ্চলত ডায়েবেটিছৰ হাৰ প্ৰায় ২০ শতাংশলৈ বৃদ্ধি পোৱা বুলি সতৰ্ক কৰি দিছে বিশিষ্ট চিকিৎসক ডাঃ অম্বৰীশ মিথালে।
লক্ষ্ণৌত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মেক্স হেল্থকেয়াৰ গ্ৰুপৰ এণ্ডোক্ৰাইনোলজী আৰু ডায়েবেটোলজী বিভাগৰ অধ্যক্ষ ডাঃ মিথালে এই উদ্বেগজনক তথ্য সদৰী কৰে। তেওঁ কয় যে ডায়েবেটিছ কেৱল এটা সূচকহে, ইয়াৰ আঁৰত দেশখনত ক্ৰমবৰ্ধমান মেদবহুলতা আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ এক বৃহৎ প্ৰত্যাহ্বান লুকাই আছে।
ডাঃ মিথালৰ মতে, পূৰ্বতে চহৰাঞ্চলত ডায়েবেটিছৰ হাৰ প্ৰায় ২ শতাংশ বুলি ধৰা হৈছিল যদিও বৰ্তমান এই হাৰ প্ৰায় ২০ শতাংশলৈ বৃদ্ধি পাইছে। শিশুসকলৰ মাজত অপুষ্টিৰ সমস্যা অব্যাহত থকাৰ সময়তে প্ৰাপ্তবয়স্কসকলৰ মাজত মেদবহুলতা আৰু দীৰ্ঘদিনীয়া ৰোগ বৃদ্ধি পোৱাটোক দেশৰ স্বাস্থ্যখণ্ডৰ এক বিপৰীতমুখী প্ৰত্যাহ্বান বুলি তেওঁ অভিহিত কৰে।
এই পৰিস্থিতিৰ মূল কাৰণ হিচাপে পৰিশোধিত কাৰ্বহাইড্ৰেটযুক্ত খাদ্য আৰু ফাষ্ট ফুডৰ প্ৰতি বৃদ্ধি পোৱা আসক্তিক চিহ্নিত কৰা হৈছে। ইয়াৰ উপৰি কেৱল বাহ্যিক সৌন্দৰ্যৰ বাবে ‘ছাইজ জিৰ’ শৰীৰ গঢ়াৰ অত্যধিক প্ৰৱণতাও স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে বুলি চিকিৎসকগৰাকীয়ে সতৰ্ক কৰি দিয়ে।
মেদবহুলতাৰ চিকিৎসাৰ ক্ষেত্ৰত জিএলপি-১ ঔষধক এক উল্লেখযোগ্য অগ্ৰগতি আখ্যা দি ডাঃ মিথালে স্পষ্ট কৰি দিয়ে যে এনে ঔষধ কেৱল বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু তত্ত্বাৱধানতহে গ্ৰহণ কৰা উচিত।
উক্ত অনুষ্ঠানত উপস্থিত থাকি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মহিলাৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে মহিলাৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে হৃদযন্ত্ৰ আৰু ৰক্তবাহী নলীৰ ৰোগ। ইয়াৰ পিছতে ষ্ট্ৰোক আৰু ডায়েৰিয়াজনিত ৰোগৰ স্থান আছে।
স্মৃতি ইৰাণীয়ে কয় যে বিজ্ঞাপন আৰু জনপ্ৰিয় মাধ্যমত হৃদৰোগৰ প্ৰসংগত সাধাৰণতে কেৱল পুৰুষৰ ছবিহে দেখুওৱা হয়, যাৰ ফলত মহিলাসকলৰো যে হৃদৰোগৰ আশংকা থাকে সেই বিষয়ে সমাজত এতিয়াও পৰ্যাপ্ত সজাগতা গঢ়ি উঠা নাই।
আয়ুষ্মান আঁচনিৰ অধীনত দেশত এতিয়ালৈকে প্ৰায় ৯ কোটি মহিলাৰ জৰায়ুমুখৰ কৰ্কট ৰোগ আৰু ১৬ কোটি মহিলাৰ স্তন কৰ্কট ৰোগৰ পৰীক্ষা সম্পন্ন হৈছে বুলি তেওঁ জনায়। অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ মহিলাসকলেও নিজৰ স্বাস্থ্য আৰু পৰীক্ষাৰ প্ৰয়োজনীয়তা বুজি পোৱা বুলি তেওঁ মন্তব্য কৰে।
ইয়াৰ উপৰি মহিলাসকলৰ ৰজোনিবৃত্তি বা মেন’পজ সম্পৰ্কীয় বিষয়সমূহ মুকলিকৈ আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত স্মৃতি ইৰাণীয়ে গুৰুত্ব আৰোপ কৰে। পূৰ্বৰ প্ৰজন্মৰ মহিলাসকলে এই অভিজ্ঞতা নীৰৱে সহ্য কৰিছিল যদিও নতুন প্ৰজন্মই এই বিষয়ে জানিবলৈ আৰু আলোচনা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলি তেওঁ উল্লেখ কৰে।