উত্তৰ প্ৰদেশত মাফিয়াৰাজৰ অৱসান ঘটোৱা হৈছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মঙলবাৰে অনুষ্ঠিত UP Icon Conclaveত ভাষণ দি তেওঁ কয়, ৰাজ্যখনত এতিয়া মাফিয়া ‘মাটিত মিলি গৈছে’।
যোগীয়ে কয়, ২০১৭ চনৰ আগতে উত্তৰ প্ৰদেশক বেয়া ৰাস্তা, পথৰ গাঁত আৰু সন্ধিয়াৰ পাছত অন্ধকাৰৰ বাবে চিনি পোৱা গৈছিল। সেই সময়ত উপগ্ৰহৰ ছবিতো উত্তৰ প্ৰদেশ অন্ধকাৰত ডুবি থকা দেখা গৈছিল বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, সেই সময়ত ৰাজ্যখনৰ যুৱক-যুৱতী, মহিলা, ব্যৱসায়ী আৰু প্ৰতিভাৱান লোকসকল পৰিচয়ৰ সংকটত ভুগিছিল। নিৰাপত্তাহীনতাৰ বাবে পশ্চিম উত্তৰ প্ৰদেশৰ বহু জিলাত সন্ধিয়াৰ পাছত ছোৱালীক বিদ্যালয়লৈ পঠিওৱাটোও কঠিন আছিল বুলি তেওঁ দাবী কৰে।
তেওঁ লগতে কয়, চাকৰিৰ সুযোগৰ অভাৱৰ লগতে উত্তৰ প্ৰদেশৰ পৰিচয়ৰ বাবেও ৰাজ্যৰ বাহিৰত বহুতে অসুবিধাৰ সন্মুখীন হৈছিল। কিন্তু এতিয়া সেই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছে বুলি তেওঁৰ দাবী।
যোগীৰ মতে, ২০১৭ চনত গ্ৰহণ কৰা ‘জিৰ’ টলাৰেন্স’ নীতিয়ে অপৰাধী আৰু মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পথ মুকলি কৰে। এই নীতিৰ প্ৰভাৱত এসময়ৰ অপৰাধীসকলেও আত্মসমৰ্পণ কৰি ক্ষমা বিচাৰিবলৈ বাধ্য হৈছিল বুলি তেওঁ দাবী কৰে। আনকি বহুতে পুনৰ গুণ্ডাগিৰি নকৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলিও তেওঁ উল্লেখ কৰে।