গুৱাহাটী: মঙলবাৰে বিধায়ক অখিল গগৈয়ে গুৱাহাটীত এজন লোকে পিষ্টলেৰে ৫ জনক গুলীয়াই হত্যা কৰাৰ ঘটনাই অসমৰ আইন-শৃংখলা পৰিস্থিতিৰ ভয়াৱহ ৰূপ উদঙাই দিছে বুলি অভিযোগ কৰে।

তেওঁৰ মতে, এই ঘটনাই ৰাজ্যখনত আইন-শৃংখলা পৰিস্থিতি অতি বেয়া হোৱাটো প্ৰমাণ কৰিছে। ৰাজ্যত চৰকাৰৰ অস্তিত্বই যেন নাথাকে বুলিও তেওঁ কটাক্ষ কৰে।

চৰকাৰে সদায় এনকাউণ্টাৰৰ কথা কয় বুলি উল্লেখ কৰি অখিল গগৈয়ে অভিযোগ কৰে যে এনকাউণ্টাৰৰ পাছতো চৰকাৰে আইন-শৃংখলা পৰিস্থিতি উন্নত কৰিব পৰা নাই। তেওঁ এনকাউণ্টাৰক ‘দুই নম্বৰী হত্যাকাণ্ড’ বুলিও অভিহিত কৰে।

গুৱাহাটীত ৫ জনক গুলীয়াই হত্যা কৰাৰ ঘটনাই এই ব্যৰ্থতা স্পষ্ট কৰিছে বুলি দাবী কৰি বিধায়কজনে অসমৰ গৃহমন্ত্ৰী, গৃহবিভাগ আৰু মুখ্যমন্ত্ৰীয়ে আইন-শৃংখলাৰ মূল সমস্যাটো সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।