পাটনা: কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ ছবিত চেণ্ডেলেৰে প্ৰহাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে। মঙলবাৰে পাটনাত সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে।
ভিডিঅ’টোত এটা অনুষ্ঠানক কেন্দ্ৰ কৰি হুলস্থুলৰ সৃষ্টি হোৱা দেখা যায়। অনুষ্ঠানটোৰ বাবে খৰ্গেৰ ছবি সম্বলিত এখন বেনাৰ লগোৱা হৈছিল বুলি ভিডিঅ’টোত উল্লেখ কৰা হৈছে। পিছত বেনাৰখন নমাই দিয়াৰ পাছত বিজেপি কৰ্মীসকলে খৰ্গেৰ ছবিখনত চেণ্ডেলেৰে প্ৰহাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দৃশ্য দেখা যায়।