গুৱাহাটী: মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰেৰে প্ৰশাসনিক ব্যৱস্থা, দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৬০০ কোটি টকা ব্যয়েৰে নিজা উপগ্ৰহ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। 'আছামছেট আৰ্থ অবজাৰ্ভেচন চেটেলাইট কনষ্টেলেচন' নামৰ এই প্ৰকল্পৰ জৰিয়তে উপগ্ৰহৰ তথ্য ক্ৰয়ৰ নামত চৰকাৰৰ ব্যয় প্ৰায় ৬৬ শতাংশ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই প্ৰস্তাৱিত প্ৰকল্পৰ কথা সদৰী কৰে। তেওঁ উল্লেখ কৰা অনুসৰি, বৰ্তমান ৰাজ্য চৰকাৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা উপগ্ৰহৰ তথ্য ক্ৰয় কৰিবলৈ পাঁচ বছৰত প্ৰায় ১,৭৭৫ কোটি টকা ব্যয় কৰিবলগীয়া হয়। ইয়াৰ বিপৰীতে আছামছেট প্ৰকল্পত পাঁচ বছৰত আনুমানিক ৬০০ কোটি টকা খৰচ হ'ব। ইয়াৰ ফলত চৰকাৰৰ প্ৰায় ৬৬ শতাংশ ব্যয় ৰাহি হোৱাৰ সম্ভাৱনা আছে।

এই প্ৰকল্পৰ জৰিয়তে কেৱল ব্যয় হ্ৰাসেই নহয়, উপগ্ৰহৰ তথ্য আৰু সংশ্লিষ্ট সেৱা প্ৰদানৰ জৰিয়তে পাঁচ বছৰত প্ৰায় ৯০০ কোটি টকা ৰাজহ আহৰণৰ সম্ভাৱনাও প্ৰকাশ কৰা হৈছে।

প্ৰস্তাৱিত আছামছেট ব্যৱস্থাই ৰাজ্যৰ বানপানীৰ আগজাননী, বান পৰিস্থিতি নিৰীক্ষণ আৰু দুৰ্যোগৰ সময়ত দ্ৰুত ব্যৱস্থা গ্ৰহণত সহায় কৰিব। ইয়াৰ উপৰি কৃষিভূমিৰ মূল্যায়ন, ডিজিটেল কৃষি, নগৰ পৰিকল্পনা, বনাঞ্চল আৰু জলাশয় সংৰক্ষণ, সীমান্তৱৰ্তী অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া নিৰীক্ষণতো এই প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

বিশেষকৈ বানৰ সময়ত জলমগ্ন অঞ্চল চিনাক্ত কৰা, বিপদাপন্ন স্থানসমূহৰ তথ্য সংগ্ৰহ কৰা আৰু নদীৰ গতিপথ তথা পাৰৰ পৰিৱৰ্তন নিৰীক্ষণ কৰাত এই উপগ্ৰহ ব্যৱস্থাই সহায় কৰিব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ২০২৭ চনত এই প্ৰকল্প মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মহাকাশ প্ৰযুক্তিক জনসাধাৰণৰ কল্যাণ আৰু প্ৰশাসনিক কাম-কাজত ব্যৱহাৰ কৰাৰ লগতে তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ আৰু দুৰ্যোগৰ সময়ত দ্ৰুত সঁহাৰি নিশ্চিত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।

অৱশ্যে আছামছেট এতিয়াও এক প্ৰস্তাৱিত প্ৰকল্প। ইয়াৰ বাস্তৱায়ন আৰু নিৰ্ধাৰিত লক্ষ্যসমূহ পূৰণৰ অগ্ৰগতিৰ ওপৰত ৰাজ্যৰ নিজা উপগ্ৰহ তথ্য ব্যৱস্থাৰ সফলতা নিৰ্ভৰ কৰিব।