দক্ষিণ কামৰূপৰ বকোৰ 'লামপাৰা হাইস্কুল'ত 'বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ'ৰ দ্বাৰা বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বিজ্ঞান সমাৰোহৰ ৷ অসম চৰকাৰৰ "বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ"ৰ দ্বাৰা পৰিচালিত 'বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ'ৰ এই সমাৰোহ উপলক্ষে ছাত্ৰ- ছাত্ৰীৰ মাজত বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা, বেনাৰ অংকণ, বিজ্ঞানৰ মডেল প্ৰদৰ্শন ,বিজ্ঞান ভিত্তিক ধাৰণা প্ৰস্তুত আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ উল্লেখ্য, বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ"ৰ সমন্বয়ক ৰঞ্জনজ্যোতি কলিতাৰ তত্বাৱধানত অনুষ্ঠিত এই সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত বনগাঁও ব্লকৰ অন্তৰ্গত ১৬খন বিদ্যালয়ৰ প্ৰায় শতাধিক প্ৰতিযোগী ছাত্ৰ- ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ উক্ত প্ৰতিযোগিতা সমূহৰ বিচাৰক হিচাবে অংশ গ্ৰহণ কৰে কেবাগৰাকীও বিজ্ঞান শিক্ষকে ৷ ইফালে, বিয়লি অনুষ্ঠিত হয় সমাৰোহৰ মূল কাৰ্যসূচী মুকলি ও বঁটা বিৰতণী সভা ৷ বনগাঁও আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ"ৰ সমন্বয়ক ৰঞ্জনজ্যোতি কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি ও বঁটা বিতৰণী সভাখনত সভাপতিত্বত কৰে লামপাৰা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীণ কলিতাই । উক্ত মুকলি ও বঁটা বিতৰণী সভাত বিজ্ঞান সমাৰোহৰ বিভিন্ন প্ৰতিযোগিতাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা প্ৰতিযোগী ছাত্ৰ-ছাত্ৰী সকলোক মানপত্ৰ, কিতাপ,নগদ ধন আদিৰে পুৰস্কৃত কৰা হয় ৷ মুকলি ও বঁটা বিতৰণী সভাখনত 'ছয়গাঁৱ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ"ৰ সমন্বয়ক তথা ছয়গাঁৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্ৰী কল্পনা কলিতা, গৰৈমাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ"ৰ সমন্বয়ক তথা মহিমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক , ৰমজানুল ইচলাম প্ৰমুখ্যে বিভিন্ন বিদ্যালয়ৰ কেবাগৰাকী শিক্ষক - শিক্ষয়িত্ৰী উপস্থিত থাকে ।