লক্ষ্ণৌ, ২২ নৱেম্বৰ:

দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই মূল্য কমিছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই দেশবাসীয়ে সোণ ক্ৰয় হ্ৰাস কৰাৰ বাবেই দেশত সোণৰ দাম কমিছে বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোৱা ২১ নৱেম্বৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত এক কাৰ্যসূচীত অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰা অনুসৰি, যোৱা মে' মাহত তেওঁ অতি প্ৰয়োজন নহ'লে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ আহ্বান জনাইছিল। দেশবাসীয়ে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই সোণ ক্ৰয় কমাই দিয়াৰ বাবেই মূল্য হ্ৰাস পালে আৰু সাধাৰণ লোকৰ ধনো ৰাহি হ'ল বুলি তেওঁ জনায়।

এই সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ খাদ্য সংকটৰ সময়ৰ ঐতিহাসিক আহ্বানৰ কথাও স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। সেই সময়ত শাস্ত্ৰীয়ে সপ্তাহত অন্ততঃ এটা আহাৰ ত্যাগ কৰিবলৈ দিয়া আহ্বান দেশবাসীয়ে পালন কৰাৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে বৰ্তমানেও দেশৰ জনসাধাৰণৰ মাজত একেই দায়িত্ববোধ আছে।

বজাৰৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৯ মে'ত দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামৰ মূল্য আছিল ১৫,২৫০ টকা। নৱেম্বৰ মাহত এই মূল্য হ্ৰাস পাই প্ৰতি গ্ৰামত ১২,৫২৩ টকা হয়গৈ। অৰ্থাৎ প্ৰতি গ্ৰামত সোণৰ মূল্য প্ৰায় ২,৭২৭ টকা হ্ৰাস পাইছে।

ইফালে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহৰ ভিতৰত দেশত সোণৰ আমদানি প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে। অৱশ্যে দেশত সোণৰ চাহিদা আৰু আমদানি হ্ৰাস পোৱাৰ উপৰিও চৰকাৰী নীতি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গতিবিধিও মূল্য হ্ৰাসৰ অন্যতম কাৰণ বুলি বজাৰ বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।