ডিব্ৰুগড়, ২২ নৱেম্বৰ: আইতাকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণৰ অন্তত পঞ্জাৱৰ খডুৰ চাহিব সমষ্টিৰ সাংসদ তথা ‘ৱাৰিছ পঞ্জাব দে’ৰ মুৰব্বী অমৃতপাল সিঙক পুনৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে। পঞ্জাৱৰ পৰা বিমানযোগে ডিব্ৰুগড়ত অৱতৰণ কৰাৰ পাছতে তেওঁক পোনে পোনে কাৰাগাৰলৈ লৈ যোৱা হয়।

২২ নৱেম্বৰৰ পুৱা প্ৰায় ৯ বজাত ইণ্ডিগ'ৰ এখন বিমানযোগে অমৃতপাল সিং ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয়। তাৰ পৰা ছখন বাহনৰ এটা আৰক্ষীৰ কনভয়েৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে তেওঁক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ যোৱা হয়। এই সময়ছোৱাত পঞ্জাৱ আৰক্ষী আৰু অসম আৰক্ষীৰ দল উপস্থিত থাকে।

অমৃতপাল সিঙৰ ৮৪ বছৰীয়া আইতাক চৰণ কৌৰৰ ৮ নৱেম্বৰত দেহাৱসান ঘটিছিল। আইতাকৰ শেষকৃত্যত অংশ ল'বলৈ অমৃতসৰৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদালতে মানৱীয়তাৰ ভিত্তিত ২১ নৱেম্বৰত তেওঁক তিনি ঘণ্টাৰ বাবে আৰক্ষী জিম্মাৰ পেৰ'ল মঞ্জুৰ কৰিছিল। সেই অনুসৰি দিনৰ ১২ বজাৰ পৰা ৩ বজালৈ তেওঁক পঞ্জাৱত থকাৰ অনুমতি দিয়া হৈছিল।

পেৰ'লৰ সময়ছোৱাত আৰক্ষীৰ জিম্মাত থাকি অমৃতপাল সিঙে পৰিয়ালৰ লোকক সাক্ষাৎ কৰে আৰু প্ৰয়াত আইতাকক শেষ শ্ৰদ্ধাঞ্জলি জনায়। আদালতৰ নিৰ্দেশ মৰ্মে, ২২ নৱেম্বৰৰ অস্থি সংগ্ৰহ আৰু ২৩ নৱেম্বৰৰ ভোগ অনুষ্ঠানত তেওঁ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অংশগ্ৰহণ কৰিব পাৰিব।

২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা অমৃতপাল সিং ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। পঞ্জাৱৰ আজনালা থানা আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনতো আটক কৰা হৈছিল। ২০২৬ চনৰ এপ্ৰিলত এই আইনৰ অধীনত তেওঁৰ তিনি বছৰীয়া আটককাল শেষ হয় যদিও আজনালা গোচৰৰ বাবে তেওঁ বৰ্তমানেও ন্যায়িক জিম্মাত কাৰাবন্দী হৈ আছে।