নয়ডা, ২২ নৱেম্বৰ:

দিল্লীকো চেৰ পেলাই নয়দাত বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ, AQI ৪৩১ । দিল্লীকো চেৰ পেলাই নয়ডাত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ২২ নৱেম্বৰৰ পুৱা নয়ডাত বায়ুৰ গুণাগুণ সূচাংক (একিউআই) ৪৩১লৈ বৃদ্ধি পোৱাৰ ফলত এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। চহৰখনৰ বায়ুৰ মান বৰ্তমান ‘অতি গুৰুতৰ’ শ্ৰেণীত উপনীত হৈছে।

এই সময়ছোৱাত দিল্লীৰ গড় একিউআই ২৩০ৰ পৰা ২৩৭ৰ ভিতৰত আছে যদিও ৰাজধানী চহৰখনৰ কিছুমান অঞ্চলত এই সূচাংকই ৩০০ অতিক্ৰম কৰিছে। একে সময়তে গ্ৰেটাৰ নয়ডাতো বায়ুৰ মান ‘বেয়া’ৰ পৰা ‘অতি বেয়া’ শ্ৰেণীৰ মাজত আছে।

প্ৰাপ্ত তথ্য অনুসৰি, ২১ নৱেম্বৰত নয়ডাৰ ছেক্টৰ-৬২ত একিউআই ৩৪৩ ৰেকৰ্ড কৰা হৈছিল। কিন্তু তাৰ পিছদিনাই এই সূচাংক বৃদ্ধি পাই ৪৩১ হয়গৈ। পথৰ ধূলি, নিৰ্মাণকাৰ্য, উদ্যোগৰ ধোঁৱা আৰু যান-বাহনৰ পৰা ওলোৱা ধোঁৱাক এই প্ৰদূষণ বৃদ্ধিৰ মূল কাৰণ হিচাপে চিহ্নিত কৰা হৈছে। ইয়াৰ উপৰি বতাহৰ গতিবেগ হ্ৰাস আৰু তাপমাত্ৰা কমি অহাৰ ফলত প্ৰদূষিত কণাবোৰ বায়ুমণ্ডলৰ নিম্নস্তৰত আবদ্ধ হৈ পৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে দিল্লী-এনচিআৰ অঞ্চলত ‘গ্ৰেপ’ (জিআৰএপি)-ৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিষেধাজ্ঞা বাহাল ৰখা হৈছে। ইয়াৰ অধীনত নিৰ্মাণকাৰ্যৰ ধূলি নিয়ন্ত্ৰণ, ডিজেল জেনেৰেটৰৰ ব্যৱহাৰত সীমাবদ্ধতা, মুকলি ঠাইত কয়লা, খৰি আৰু আৱৰ্জনা জ্বলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। লগতে বৈধ প্ৰদূষণ নিয়ন্ত্ৰণ প্ৰমাণপত্ৰ (পিইউচি) নথকা বাহনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

ইপিনে বিশেষজ্ঞসকলে এই সময়ছোৱাত অতি প্ৰয়োজন নহ’লে বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিছে। বাহিৰলৈ ওলালে উপযুক্ত এন-৯৫ মাস্ক পৰিধান কৰিবলৈ আৰু পুৱা-গধূলি বাহিৰত খোজকঢ়া বা ব্যায়াম কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। ঘৰৰ ভিতৰত দুৱাৰ-খিৰিকী বন্ধ ৰাখি বাহিৰৰ ধূলি-ধোঁৱা সোমোৱাত বাধা দিবলৈ আৰু সম্ভৱ হ’লে হেপা ফিল্টাৰযুক্ত এয়াৰ পিউৰিফায়াৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে।

বিশেষকৈ শিশু, বয়স্ক ব্যক্তি আৰু হাঁপানী, হৃদৰোগ তথা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগা লোকসকলক অধিক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। শিশুসকলক মুকলি ঠাইত খেলিবলৈ নিদি ঘৰৰ ভিতৰত ৰখাৰ লগতে উশাহ লোৱাত কষ্ট, একেৰাহে কাহ বা বুকুৰ বিষ অনুভৱ হ’লে তৎক্ষণাৎ চিকিৎসকৰ কাষ চাপিবলৈ নিৰ্দেশ ।