গুৱাহাটী, ২৩ নৱেম্বৰ: অসম কলেজ শিক্ষক সংস্থা (এক্টা)-ৰ আহ্বানত ১৩ দফীয়া দাবী পূৰণৰ দাবীত আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে মহাবিদ্যালয়ৰ শিক্ষকসকলে। সংস্থাৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলনৰ অংশ হিচাপে ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহত অৱস্থান ধৰ্মঘট, কলমবিৰতি আৰু অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। গুৱাহাটীৰ চচলত কেন্দ্ৰীয়ভাৱে ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।
এক্টাৰ সভাপতি ড০ বিপুল চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ড০ পৰাগ জ্যোতি মহন্তই এক প্ৰেছ বিবৃতিযোগে জনায় যে শিক্ষকসকলৰ দীৰ্ঘদিনীয়া সেৱা আৰু আৰ্থিক দাবীসমূহৰ প্ৰতি চৰকাৰৰ নিৰৱচ্ছিন্ন নিষ্ক্ৰিয়তাৰ প্ৰতিবাদতে এই আন্দোলন গঢ়ি তোলা হৈছে।
ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী
পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ ৰাজ্যৰ প্ৰাদেশিকীকৃত মহাবিদ্যালয়সমূহত শিক্ষকসকলে নিজ নিজ মহাবিদ্যালয় চৌহদত অৱস্থান ধৰ্মঘট পালন কৰে। গুৱাহাটীৰ চচলত পুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কেন্দ্ৰীয় ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়। এই প্ৰতিবাদৰ সময়ত শিক্ষকসকলে শ্ৰেণীকোঠাৰ পাঠদান আৰু প্ৰশাসনিক কাম-কাজৰ পৰা বিৰত থাকে। নলবাৰীৰ কামৰূপ মহাবিদ্যালয়কে ধৰি ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়তো শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পূৰ্বে ৩০ অক্টোবৰতো সংস্থাই ৰাজ্যজুৰি কলমবিৰতি আৰু অৱস্থান ধৰ্মঘট পালন কৰিছিল।
সংস্থাৰ মূল দাবীসমূহ
সংস্থাটোৱে উত্থাপন কৰা ১৩ দফীয়া দাবীৰ ভিতৰত উল্লেখযোগ্য হৈছে— বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-ৰ নীতি-নিৰ্দেশনা অনুসৰি সময়মতে পদোন্নতি আৰু বকেয়া ধন মোকলাই দিয়া, এমফিল আৰু পিএইচডি ডিগ্ৰীৰ বাবে প্ৰাপ্য অতিৰিক্ত ইনক্ৰিমেণ্ট প্ৰদান, নতুন পেঞ্চন আঁচনি (এনপিএছ) বাতিল কৰি পুৰণি পেঞ্চন আঁচনি (অ'পিএছ) পুনৰ প্ৰৱৰ্তন কৰা।
ইয়াৰ উপৰি শিক্ষকসকলৰ অৱসৰৰ বয়স ৬৫ বছৰলৈ বৃদ্ধি কৰা, খালী হৈ থকা শিক্ষক পদসমূহ পূৰণ কৰা, নিৰ্দিষ্ট বেতনভুক্ত শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ, ২০১৩ চনৰ কাৰ্যালয় স্মাৰকপত্ৰ সম্পৰ্কীয় সমস্যা সমাধান কৰি পূৰ্বৰ সেৱাকালৰ ভিত্তিত জ্যেষ্ঠতা নিৰ্ধাৰণ কৰা আৰু ছুটীৰ নিয়ম সঠিকভাৱে ৰূপায়ণ তথা পাৰস্পৰিক বদলি প্ৰক্ৰিয়া সৰলীকৰণৰ দাবী জনায় সংস্থাটোৱে।
শীঘ্ৰে আলোচনাৰ আহ্বান
সংস্থাৰ অভিযোগ অনুসৰি, ২০২৪ চনৰ পৰাই এই দাবীসমূহৰ সন্দৰ্ভত চৰকাৰক স্মাৰকপত্ৰ আৰু আবেদন দাখিল কৰি অহা হৈছে। ৩০ অক্টোবৰৰ আন্দোলনৰ পাছত চৰকাৰী পক্ষৰ সৈতে আলোচনাৰ প্ৰচেষ্টা চলিছিল যদিও কোনো কাৰ্যকৰী সমাধান বা লিখিত আশ্বাস পোৱা নগ'ল।
সংস্থাৰ সভাপতি ড০ বিপুল চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ড০ পৰাগ জ্যোতি মহন্তই চৰকাৰক শীঘ্ৰে ফলপ্ৰসূ আলোচনা আৰম্ভ কৰি সমস্যাসমূহ সমাধান কৰিবলৈ আহ্বান জনায়। দাবীসমূহ পূৰণ নহ'লে আগন্তুক দিনত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও সংস্থাই সকীয়নি দিয়ে।