মৰিগাঁও: কাঠ কঢ়িওৱা এখন বাহনৰ চালকৰ পৰা ধন দাবী কৰাৰ অভিযোগত মৰিগাঁৱৰ বিশ্বজ্যোতি নাথক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মিকিৰভেটা থানাত ৰুজু হোৱা ১৯৯/২৬ নম্বৰৰ গোচৰৰ ভিত্তিত বিশ্বজ্যোতি নাথ আৰু আবিদ আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান দুয়োকে মৈৰাবাৰী আৰক্ষীৰ জিম্মাত ৰখা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২০ নৱেম্বৰৰ নিশা কাঠ কঢ়িয়াই অহা এখন ট্ৰাক ৰখাই বাহনখন মুকলি কৰি দিয়াৰ নামত চালক অৰুণ দত্তৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে বিশ্বজ্যোতি নাথ আৰু তেওঁৰ কেইজনমান সহযোগীৰ বিৰুদ্ধে।

অভিযোগ অনুসৰি, ট্ৰাকখনৰ চালক অৰুণ দত্তই ৩০ হাজাৰ টকা নগদ ধন দিয়াৰ লগতে ২০ হাজাৰ টকা PhonePe-ৰ জৰিয়তে আদায় দিছিল। পিছত চালকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে বিশ্বজ্যোতি নাথ আৰু আবিদ আহমেদক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বিশ্বজ্যোতি নাথে মিকিৰভেটা থানাৰ OC আৰু ICৰ বিৰুদ্ধেও কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। IC এগৰাকীয়ে কয়লাভৰ্তি ট্ৰাক মুকলি কৰি দিয়াৰ বিষয়ত নাথে প্ৰশ্ন উত্থাপন কৰাৰ লগতে OCগৰাকীৰ সৈতেও দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগৰ কথা জানিব পৰা গৈছে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত চৰ্চা অব্যাহত আছে। আৰক্ষীৰ তদন্ততহে ধন দাবীৰ অভিযোগ আৰু পূৰ্বে উত্থাপিত অভিযোগসমূহৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।