নতুন দিল্লী, ২৫ নৱেম্বৰ: ২০২৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মাজত আসন ভাগ-বাটোৱাৰাক লৈ মতানৈক্যৰ আশংকা বৃদ্ধি পাইছে। সহাৰনপুৰৰ পাছত এইবাৰ আমেঠী আৰু ৰায়বেৰেলীৰ ১০খন বিধানসভা আসনক কেন্দ্ৰ কৰি দুয়োটা দলৰ মাজত নতুন জটিলতাৰ সৃষ্টি হৈছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰায়বেৰেলীৰ সাংসদ ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছে এই দুয়োটা লোকসভা সমষ্টিতে জয়লাভ কৰিছিল। সেয়েহে কংগ্ৰেছে আমেঠী লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিখন আৰু ৰায়বেৰেলীৰ ছখন আসনকে ধৰি মুঠ ১০খন বিধানসভা আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ দাবী উত্থাপন কৰিছে।

অৱশ্যে সমাজবাদী পাৰ্টিয়ে পূৰ্বৰ বিধানসভা নিৰ্বাচনত জয়ী হোৱা আসন এৰি দিয়াৰ সম্ভাৱনা কম। ২০২২ চনৰ নিৰ্বাচনত কংগ্ৰেছে এই অঞ্চলটোত কোনো আসন পোৱা নাছিল। আনহাতে এছ পিয়ে আমেঠীৰ দুখন আৰু ৰায়বেৰেলীৰ চাৰিখন আসনত জয়লাভ কৰিছিল, যাৰ দুজন বিধায়কে পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰে। বাকী চাৰিখন আসনত বিজেপিয়ে জয়লাভ কৰিছিল।

এছ পিয়ে কংগ্ৰেছক আগবঢ়োৱা ২৬খন আসনৰ তালিকাত আমেঠী-ৰায়বেৰেলী অঞ্চলৰ পৰা কেৱল জগদীশপুৰ আসনখনহে ৰখা বুলি জানিব পৰা গৈছে। কংগ্ৰেছে প্ৰথমে ১৩০খন আসন দাবী কৰি ১০০খনতকৈ অধিক আসন পোৱাৰ আশা কৰিছিল।

ইয়াৰ উপৰি আসন বুজাবুজিৰ আলোচনা চলি থকাৰ মাজতে এছ পিয়ে একপক্ষীয়ভাৱে প্ৰাৰ্থী তালিকা ঘোষণা কৰাত কংগ্ৰেছৰ স্থানীয় নেতৃত্ব অসন্তুষ্ট হৈ পৰিছে। কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ইমৰান মাছুদে আগ্ৰহ প্ৰকাশ কৰা সহাৰনপুৰ আৰু বেহাট সমষ্টিতো এছ পিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। দলটোৰ প্ৰথমখন তালিকাত বেহাটৰ পৰা উমৰ আলী, সহাৰনপুৰৰ পৰা আশু মালিক, কাইৰানাৰ পৰা নাহিদ হাছান, আমৰোহাৰ পৰা মাহবুব আলী আৰু ললিতপুৰৰ পৰা জ্যোতি লোধীৰ নাম আছে।

এছ পিৰ সাংসদ ৰাজীৱ ৰায়ে বৰ্তমানৰ বিধায়কসকলৰ টিকট কৰ্তন নকৰাৰ স্থিতি স্পষ্ট কৰি কয় যে ভৱিষ্যতে নেতৃত্বৰ মাজত আলোচনা হ'ব পাৰে। আনহাতে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী ৰাজেন্দ্ৰ পাল গৌতমে এছ পিৰ এই পদক্ষেপক দায়িত্বহীন বুলি অভিহিত কৰিছে।