নতুন দিল্লী, ২৬ নৱেম্বৰ: ‘ৰাজনীতিয়ে আমাক সলনি কৰিব নোৱাৰিলে, আমিহে ৰাজনীতি সলনি কৰিলোঁ’—আম আদমী পাৰ্টী (আপ)ৰ প্ৰতিষ্ঠা দিৱসত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দলটোৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে। বৃহস্পতিবাৰে দলটোৰ ১৪সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কেজৰিৱালে আপৰ বিগত দিনৰ ৰাজনৈতিক যাত্ৰাৰ কথা সোঁৱৰণ কৰে।
দল গঠনৰ সময়ত বহুতে ইয়াৰ ভৱিষ্যতক লৈ প্ৰশ্ন তুলিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো প্ৰত্যাহ্বান নেওচি দলটোৱে দেশৰ ৰাজনীতিত নিজৰ সুকীয়া স্থান গঢ়ি তুলিবলৈ সক্ষম হৈছে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বাৰ্তাত কেজৰিৱালে কয় যে দল গঠনৰ সময়ত বহুতে তেওঁলোকে ৰাজনীতিত কিবা কৰিব পাৰিবনে, দলটো কিমান দিন টিকি থাকিব আৰু ৰাজনীতি সম্পৰ্কে তেওঁলোকৰ জ্ঞান কিমান—সেই লৈ সন্দেহ প্ৰকাশ কৰিছিল। কিন্তু সেই সকলো প্ৰশ্ন আৰু সন্দেহ ওফৰাই দলটো কেৱল বৰ্তি থকাই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ দাবী কৰে।
দলৰ সাফল্য সম্পৰ্কে কেজৰিৱালে উল্লেখ কৰে যে আপে দিল্লী আৰু পঞ্জাৱত চৰকাৰ গঠন কৰিছে। ইয়াৰ উপৰিও জম্মু-কাশ্মীৰৰ পৰা গোৱা আৰু গুজৰাটলৈকে দেশৰ ভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মৰম আৰু বিশ্বাস অৰ্জন কৰিবলৈ দলটো সক্ষম হৈছে।
কেজৰিৱালৰ মতে, আপে কামৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়াৰ লগতে শিক্ষা আৰু স্বাস্থ্যখণ্ডক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। দলটোৱে কেৱল ক্ষমতা লাভ কৰাই নহয়, বৰঞ্চ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত বিষয়বোৰক ৰাজনৈতিক আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আনিবলৈ সক্ষম হৈছে।
দেশৰ হকে এতিয়াও বহু কাম কৰিবলৈ বাকী আছে বুলি মন্তব্য কৰি তেওঁ দলৰ সমৰ্থক আৰু কৰ্মীসকলক শুভেচ্ছা জনায়। আপে কাৰো ভয় নকৰে আৰু কেতিয়াও পিছুৱাই নাযায় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
২০১১ চনৰ দুৰ্নীতিবিৰোধী আন্দোলনৰ পটভূমিত আত্মপ্ৰকাশ কৰা আম আদমী পাৰ্টী ২০১২ চনৰ ২৬ নৱেম্বৰত আনুষ্ঠানিকভাৱে গঠন কৰা হৈছিল। সেইবাবে দলটোৱে প্ৰতি বছৰে এই দিনটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে।