নতুন দিল্লী, ২৬ নৱেম্বৰ: সংবিধান দিৱস উপলক্ষে দেশজুৰি কংগ্ৰেছ আৰু ককৰোচ জনতা পাৰ্টিয়ে (চিজেপি) পৃথকে পৃথকে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। নিৰ্বাচনী প্ৰক্ৰিয়া, গণতান্ত্ৰিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু নাগৰিকৰ অধিকাৰক লৈ চলি থকা ৰাজনৈতিক বিতৰ্কৰ মাজতে বৃহস্পতিবাৰে এই কাৰ্যসূচীসমূহ অনুষ্ঠিত হ'ব। কংগ্ৰেছে দেশজুৰি 'সংবিধান ৰক্ষা' পদযাত্ৰাৰ আহ্বান জনোৱাৰ বিপৰীতে সিজেপিয়ে নাগপুৰত 'গণতন্ত্ৰ বচাওক, সংবিধান বচাওক' শীৰ্ষক সমাৱেশৰ আয়োজন কৰিছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই লক্ষ্ণৌৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা। দলৰ পৰিকল্পনা অনুসৰি বিভিন্ন ৰাজ্যত প্ৰদেশ কংগ্ৰেছ সমিতিসমূহে ড০ বি আৰ আম্বেদকাৰ বা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ পৰা পদযাত্ৰা আৰম্ভ কৰিব। পদযাত্ৰাৰ শেষত সংবিধানৰ প্ৰস্তাৱনা পাঠ আৰু সাংবিধানিক মূল্যবোধ ৰক্ষাৰ সংকল্প লোৱা হ'ব। অৱশ্যে লক্ষ্ণৌত প্ৰশাসনে পদযাত্ৰাৰ অনুমতি নিদিয়াৰ অভিযোগ উত্থাপন হোৱাৰ পিছত কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে অভিজিৎ দীপকে নেতৃত্ব দিয়া সিজেপিয়ে নাগপুৰৰ সংবিধান চকত বিয়লি ৪ বজাৰ পৰা এক সমাৱেশৰ আয়োজন কৰিছে। এই কাৰ্যসূচীত গণতন্ত্ৰ, সংবিধানৰ মূল্যবোধ আৰু চৰকাৰৰ জবাবদিহিতাৰ বিষয়সমূহ উত্থাপন কৰা হ'ব বুলি দলটোৱে জনাইছে। অভিনেতা তথা সমাজকৰ্মী প্ৰকাশ ৰাজ আৰু সিজেপিৰ সহ-আহ্বায়ক আশুতোষ ৰাংকাৰো এই সমাৱেশত উপস্থিত থকাৰ কথা।

ইয়াৰ উপৰি কংগ্ৰেছে 'ভোট ৰক্ষক' অভিযানৰ জৰিয়তে ভোটাৰ তালিকা পৰীক্ষা আৰু নাম বাদ পৰা লোকসকলক সহায় কৰাৰ পৰিকল্পনা হাতত লৈছে। ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াত বহু প্ৰকৃত ভোটাৰৰ নাম বাদ পৰাৰ আশংকা প্ৰকাশ কৰি দলটোৱে অভিযোগ তুলিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ভোটাৰ তালিকাৰ বিসংগতি আৰু নিৰ্বাচন আয়োগৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে।

সংবিধান দিৱসৰ এই কাৰ্যসূচীসমূহৰ আঁৰত নীট-ইউজি পৰীক্ষাৰ বিতৰ্ক আৰু ছাত্ৰ আন্দোলনৰ প্ৰসংগও জড়িত হৈ আছে। দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদত ছাত্ৰ-ছাত্ৰী আৰু বিৰোধী দলসমূহে অংশ লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ দাবী কৰিছিল। সেই সময়তে অভিজিৎ দীপকে প্ৰতিষ্ঠা কৰা সিজেপিয়ে চৰ্চা লাভ কৰে আৰু পৰৱৰ্তী সময়ত পৰীক্ষাৰ স্বচ্ছতা, শিক্ষা, নিযুক্তি, মত প্ৰকাশৰ স্বাধীনতা তথা আৰক্ষীৰ জবাবদিহিতাৰ বিষয়সমূহো এই আন্দোলনৰ মাজলৈ আহে।