নতুন দিল্লী, ২৩ নৱেম্বৰ: কম্পিউটাৰত হোৱাটছএপ ৱেব ব্যৱহাৰ কৰা লোকসকলৰ বাবে এক জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক'অৰ্ডিনেচন চেণ্টাৰ চমুকৈ আইফ'ৰচিৰ অধীনস্থ নেচনেল চাইবাৰক্ৰাইম থ্ৰেট এনালিটিক্স ইউনিট চমুকৈ এনচিটিএইউৱে। ২৩ নৱেম্বৰত জাৰি কৰা এই নিৰ্দেশনাৱলীত কোৱা হৈছে যে কেৱল ব্ৰাউজাৰৰ টেব বা উইণ্ড' বন্ধ কৰিলেই হোৱাটছএপ ৱেবৰ একাউণ্টৰ পৰা লগ-আউট নহয়।

সংস্থাটোৰ মতে, এনেদৰে সক্ৰিয় হৈ থকা ছেছনৰ সুযোগ লৈ চাইবাৰ অপৰাধীয়ে ব্যৱহাৰকাৰীৰ একাউণ্ট নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰে। অননুমোদিতভাৱে একাউণ্টত প্ৰৱেশ কৰি হেকাৰে ব্যক্তিগত বাৰ্তা, সম্পৰ্কৰ তালিকা আৰু গ্ৰুপৰ কথোপকথন চোৱাৰ লগতে একাউণ্টৰ গৰাকীৰ পৰিচয় ব্যৱহাৰ কৰি আন লোকলৈ বাৰ্তা প্ৰেৰণ কৰাৰ আশংকা থাকে। ইয়াৰ জৰিয়তে ফিছিং, প্ৰৱঞ্চনা আৰু ছ'চিয়েল ইঞ্জিনিয়াৰিঙৰ দৰে বিভিন্ন অপৰাধ সংঘটিত হ'ব পাৰে।

আইফ'ৰচিয়ে স্পষ্ট কৰি দিছে যে হোৱাটছএপ ৱেব ব্যৱহাৰ শেষ হোৱাৰ পিছত প্ৰতিবাৰেই ব্যৱহাৰকাৰীয়ে নিজে লগ-আউট কৰাটো প্ৰয়োজন। বিশেষকৈ কাৰ্যালয়ৰ কম্পিউটাৰ, ৰাজহুৱা কম্পিউটাৰ, চাইবাৰ কেফে, হোটেলৰ ব্যৱসায়িক কেন্দ্ৰ অথবা আনৰ লেপটপত এই সেৱা ব্যৱহাৰ কৰাৰ সময়ত অধিক সাৱধান হ'বলৈ কোৱা হৈছে।

চৰকাৰী, সাংগঠনিক, বিত্তীয় অথবা আন কোনো গোপনীয় তথ্য হোৱাটছএপ ৱেবৰ জৰিয়তে আদান-প্ৰদান নকৰিবলৈও সংস্থাটোৱে পৰামৰ্শ দিছে। আনহাতে, কোনোবাই আনৰ সৈতে ভগাই লোৱা কম্পিউটাৰত হোৱাটছএপ ৱেব ব্যৱহাৰ কৰিবলগীয়া হ'লে ব্ৰাউজাৰৰ ইনকগনিট' বা প্ৰাইভেট ব্ৰাউজিং ম'ড ব্যৱহাৰ কৰিব পাৰে, যদিও এনে ক্ষেত্ৰতো ব্যৱহাৰৰ অন্তত নিজে লগ-আউট কৰাটো অপৰিহাৰ্য।

ইয়াৰ উপৰি নিজৰ নম্বৰৰ পৰা কোনো অচিনাকি বাৰ্তা প্ৰেৰণ হ'লে, পৰিচিত লোকৰ পৰা অস্বাভাৱিক সঁহাৰি পালে অথবা আন কোনো সন্দেহজনক কাৰ্যকলাপ দেখা পালে সাৱধান হ'বলৈ আহ্বান জনোৱা হৈছে। মোবাইল, কম্পিউটাৰ, অপাৰেটিং ছিষ্টেম, ব্ৰাউজাৰ আৰু সুৰক্ষা ছফ্টৱেৰসমূহ নিয়মীয়াকৈ আপডেট কৰি ৰখাৰ লগতে অচিনাকি ফাইল, সন্দেহজনক ডাউনলোড আৰু সংশোধিত ছফ্টৱেৰ ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ চাইবাৰ সুৰক্ষা সংস্থাটোৱে পৰামৰ্শ আগবঢ়াইছে।