নতুন দিল্লী: ভাৰতৰ চহকী চুফী পৰম্পৰা আৰু ধৰ্মীয় সহাৱস্থানৰ ঐতিহ্যই সমগ্ৰ বিশ্বৰ সন্মুখত এক মধ্যপন্থী, প্ৰগতিশীল আৰু অন্তৰ্ভুক্তিমূলক ইছলামৰ আদৰ্শ দাঙি ধৰিব পাৰে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু ইজিপ্তৰ বিশেষজ্ঞসকলৰ এক ঘূৰণীয়া মেজমেলত এই অভিমত ব্যক্ত কৰা হয়। নতুন দিল্লীৰ ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰত ইণ্ডো ইছলামিক হেৰিটেজ চেণ্টাৰৰ উদ্যোগত ‘ভাৰত আৰু ইজিপ্তত চুফীবাদ: শান্তি, বহুত্ববাদ আৰু সহাৱস্থানৰ উমৈহতীয়া ঐতিহ্য’ শীৰ্ষক এই সন্মিলনখন অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহুসংখ্যক পণ্ডিত, ধৰ্মীয় নেতা, শিক্ষাবিদ আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
আলোচনাত অংশ লৈ কায়ৰোৰ আল-আজহাৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় আইন বিভাগৰ অধ্যাপক তথা গ্ৰেণ্ড ইমামৰ উপদেষ্টা অধ্যাপক ড০ মহম্মদ আব্দুল ছেমেদ মাহান্নাই কয় যে সমসাময়িক বিশ্বত চুফীবাদে এক সফল মতাদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে। ভাৰতে বিভিন্ন চুফী পৰম্পৰাক গ্ৰহণ আৰু লালন-পালন কৰি যিদৰে বৰ্তাই ৰাখিছে, সি বিশ্ববাসীক প্ৰগতিশীল আৰু অন্তৰ্ভুক্তিমূলক ইছলামৰ পথ প্ৰদৰ্শন কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।
আনহাতে, জামিয়া মিলিয়া ইছলামিয়াৰ আইন বিভাগৰ ডীন অধ্যাপক ড০ গোলাম ইয়াজদানীয়ে ভাৰত আৰু ইজিপ্তক সমৃদ্ধ বৌদ্ধিক, আধ্যাত্মিক আৰু নৈতিক ঐতিহ্যৰে পুষ্ট দুটা প্ৰাচীন সভ্যতা বুলি অভিহিত কৰে। দুয়োখন দেশৰ মাজত এনে বৌদ্ধিক আৰু সাংস্কৃতিক বিনিময় অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে। দৰগাহ হজৰত নিজামুদ্দিন আউলিয়াৰ সজ্জাদানশীন পীৰ ছৈয়দ ফৰিদ আহমেদ নিজামীয়ে কয় যে ভাৰতৰ ইতিহাস সদায় সহনশীলতা, প্ৰেম, সম্প্ৰীতি আৰু শান্তিপূৰ্ণ সহাৱস্থানৰ ভেটিত প্ৰতিষ্ঠিত। একেদৰে ইজিপ্তৰ ইমাম আহমেদ ৰাজা কাদৰী ইনষ্টিটিউটৰ প্ৰতিষ্ঠাপক সঞ্চালক মুফতি গোলাম মহম্মদ কাদৰীয়েও চুফী পৰম্পৰাত প্ৰেম, শান্তি আৰু ভাতৃত্ববোধৰ ভূমিকাৰ বিষয়ে সদৰী কৰে।
মুছলিম ষ্টুডেণ্টছ অৰ্গেনাইজেচন অৱ ইণ্ডিয়াৰ অধ্যক্ষ ড০ শ্বুজাত আলী কাদৰীয়ে ভাৰতৰ নিজস্ব চুফী পৰম্পৰাৰ প্ৰচাৰ আৰু অন্তৰ্ভুক্তিমূলক ধৰ্মীয় চিন্তাধাৰাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এনে আলোচনাচক্ৰৰ গুৰুত্বৰ কথা ব্যক্ত কৰে। সন্মিলনৰ অন্তত বিশেষজ্ঞসকলে ধৰ্মীয় উগ্ৰবাদ আৰু অসহিষ্ণুতাৰ বিৰুদ্ধে চুফীবাদৰ শান্তি আৰু বহুত্ববাদৰ বাৰ্তা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ কৰাৰ আহ্বান জনায়।