আমিনগাঁও, ২৮ নৱেম্বৰ: কামৰূপ জিলাৰ ঐতিহাসিক চানডুবি বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জলাশয় হিচাপে ৰামছাৰ ক্ষেত্ৰৰ মান্যতা দিয়াৰ বাবে বন বিভাগে ৰাজ্য চৰকাৰলৈ এক প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ নিৰ্দেশনাত পশ্চিম কামৰূপ বন সংমণ্ডলে এই প্ৰস্তাৱ প্ৰস্তুত কৰি উলিয়াইছে।

পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া অশোক কুমাৰ দেৱ চৌধুৰীয়ে জনোৱা মতে, জিলা আয়ুক্তগৰাকীৰ নিৰ্দেশ অনুসৰি চানডুবি বিলক ৰামছাৰ ক্ষেত্ৰ ঘোষণা কৰাৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে অতি সোনকালে এই প্ৰস্তাৱ দাখিল কৰা হ'ব। ইয়াৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে চানডুবি বিলক পূৰ্বেই ‘গুৰুত্বপূৰ্ণ চৰাই এলেকা’ (আই বি এ) হিচাপে স্বীকৃতি দিয়া হৈছে। বোম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিয়ে কৰা এক সমীক্ষাতো এই জলাশয়টোক ৰামছাৰ ক্ষেত্ৰ হিচাপে মান্যতা পোৱাৰ উপযুক্ত বুলি চিহ্নিত কৰা হৈছিল। মানুহৰ কম আহ-যাহ আৰু নিৰিবিলি পৰিবেশৰ বাবে চানডুবি বিল বহুতো আপুৰুগীয়া চৰাই-চিৰিকটিৰ বাবে এক সুৰক্ষিত বাসস্থান হৈ পৰিছে।

লোহাৰঘাট বন এলেকাৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এই বিলখন অৱস্থিত। ইয়াৰ দক্ষিণ দিশত মায়াং পাহাৰ সংৰক্ষিত বনাঞ্চল আছে। প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সংযোগী জানৰ জৰিয়তে বিলখন কুলসী নদীৰ সৈতে সংযোজিত হৈ আছে। সমীক্ষা অনুসৰি বিলখনত বৰটোকোলা আৰু কুৰুৱাকে ধৰি বহুতো বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ বিচৰণ দেখিবলৈ পোৱা যায়।

ৰাভা এগ্ৰ’টেকৰ উদ্যোগী ড° অপৰ্ণা জ্যোতি ৰাভাই বন বিভাগৰ এই পদক্ষেপক আদৰণি জনাই কয় যে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এই জলাশয়টোৱে দীৰ্ঘদিন ধৰি পাবলগীয়া উপযুক্ত স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছিল। এই পদক্ষেপে বিলখনৰ অতীত গৌৰৱ ঘূৰাই অনাত সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

পূৰ্বতে চানডুবিৰ আয়তন প্ৰায় ৭১২ হেক্টৰ আছিল যদিও বৰ্তমান ই ৪.৫ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে। বিলখনৰ গড় গভীৰতা ১.৪৬ মিটাৰ। শীতকালত বিভিন্ন দেশভ্ৰমী চৰাইৰ আগমন ঘটা এই ঐতিহাসিক বিলখন কুলসী নদীৰ উপৰি সাতখন সুঁতিৰ পানীৰে পুষ্ট হৈ থাকে আৰু ইয়াত ৭০ বিধৰো অধিক প্ৰজাতিৰ মাছ পোৱা যায়।