লখিমপুৰ, ৭ মাৰ্চ: ৰাজ্যৰ বজাৰত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে চৰকাৰক কেৱল আশ্বাস এৰি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে চুতীয়া যুৱ সন্মিলন, অসমে। লখিমপুৰ জিলাৰ ঢকুৱাখনাত শুকুৰবাৰে এক বক্তব্যত সংগঠনটোৰ সভাপতি কৌস্তৱ কিশোৰ চুতীয়াই এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে।
সভাপতিগৰাকীয়ে উল্লেখ কৰে যে চাউল, দাইল, খোৱাতেল, পিয়াঁজ, আলু, শাক-পাচলি আৰু ৰন্ধন গেছৰ বৰ্ধিত মূল্যই বিশেষকৈ নিম্ন আয়ৰ পৰিয়াল, মধ্যবিত্ত, দিন হাজিৰা কৰা শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক গুৰুতৰ আৰ্থিক সংকটৰ মাজলৈ ঠেলি দিছে। মূল্যবৃদ্ধি এতিয়া কেৱল অৰ্থনৈতিক বিষয় হৈ থকা নাই, ই সাধাৰণ মানুহৰ জীৱন-জীৱিকা আৰু অৰ্থনৈতিক নিৰাপত্তাৰ সৈতে জড়িত এক সামাজিক সমস্যাত পৰিণত হৈছে বুলি তেওঁ মন্তব্য কৰে।
চৰকাৰে সময়ে সময়ে মূল্য নিৰীক্ষণ, মজুতদাৰী ৰোধ আৰু অসাধু ব্যৱসায়ীৰ ওপৰত প্ৰশাসনিক নজৰদাৰীৰ কথা ঘোষণা কৰি আহিছে যদিও বজাৰত তাৰ কোনো বাস্তৱ সুফল সাধাৰণ গ্ৰাহকে লাভ কৰা নাই বুলি সন্মিলনে অভিযোগ তোলে। কেৱল বৈঠক আৰু আশ্বাসেৰে এই সমস্যা সমাধান নহয় বুলি স্পষ্ট কৰি দি চৰকাৰৰ পদক্ষেপৰ সফলতা সাধাৰণ ৰাইজে বজাৰত কিমান সকাহ পাইছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব বুলি চুতীয়াই কয়।
বজাৰ ব্যৱস্থা সুশৃংখল কৰা আৰু কৃত্ৰিম নাটনি ৰোধ কৰাৰ দায়িত্ব চৰকাৰৰ বুলি উল্লেখ কৰি সংগঠনটোৱে কেইবাটাও দাবী উত্থাপন কৰে। ইয়াৰ ভিতৰত প্ৰতিখন জিলাৰ বজাৰত পাইকাৰী আৰু খুচুৰা মূল্যৰ তালিকা ৰাজহুৱাভাৱে প্ৰকাশ কৰা, অবৈধ ছিণ্ডিকেট আৰু মজুতদাৰীৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত চলাই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু সুলভ মূল্যৰ দোকানসমূহৰ যোগান ব্যৱস্থা শক্তিশালী কৰাটো অন্যতম।
ইফালে কৃষিপ্ৰধান ৰাজ্য হোৱা সত্ত্বেও বাহিৰৰ ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ বিষয়টো আঙুলিয়াই দি স্থানীয় কৃষক আৰু উৎপাদকসকলক উচিত সংৰক্ষণ, পৰিবহণ আৰু বিপণনৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰক এক দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে দাবী জনায়।