চৰাইদেউ জিলাৰ ঐতিহাসিক এঙেৰা খাট পথাৰলৈ অহা-যোৱা কৰাৰ অসুবিধা দূৰ কৰিবলৈ স্থানীয় কৃষিজীৱী ৰাইজে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। খেতিপথাৰখনলৈ যাতায়াত সুচল কৰাৰ উদ্দেশ্যে অঞ্চলটোৰ কৃষকসকলে একত্ৰিত হৈ হাতে-কামে লাগি শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰে।

স্থানীয় ৰাইজে এই কামৰ বাবে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰিছিল। শুকুৰবাৰে পুৱাৰে পৰা কৃষকসকলে সমবেত হৈ পথাৰখনলৈ যোৱা পথছোৱাৰ মেৰামতি আৰু উন্নয়নৰ কাম আৰম্ভ কৰে। স্থানীয়ভাৱে এই বিশাল পথাৰখন বৰপথাৰ নামেৰেও পৰিচিত।

জনশ্ৰুতি অনুসৰি, স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনতে এই বিশাল কৃষিভূমি গঢ় লৈ উঠিছিল। আহোম ৰাজত্বকালত এই এঙেৰা খাট পথাৰৰ পৰাই ৰজাঘৰলৈ যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰা হৈছিল বুলি জনা যায়।

দীৰ্ঘদিন ধৰি বাৰিষা আৰু খৰালি উভয় সময়তে পথাৰখনলৈ অহা-যোৱা কৰাত কৃষকসকলে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছে। পথৰ দুৰৱস্থাৰ বাবে কৃষি কাৰ্য সম্পাদনতো বাধাৰ সৃষ্টি হৈ আহিছিল।

শ্ৰমদানত অংশ লোৱা কৃষকসকলৰ লগতে পথাৰখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে এই ঐতিহাসিক এঙেৰা খাট পথাৰখনৰ উপযুক্ত সংৰক্ষণ আৰু পথ নিৰ্মাণৰ বাবে চৰকাৰ তথা সংশ্লিষ্ট বিভাগক তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।