গুৱাহাটী: গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰে বৃহৎ ধন বিনিয়োগ কৰিছে যদিও নদীখনৰ প্ৰদূষণ এতিয়াও এক গুৰুতৰ সমস্যা হৈয়ে আছে। নদীৰ পাৰত প্লাষ্টিক, পলিথিন, ধৰ্মীয় পূজাৰ সামগ্ৰী, শ্মশানৰ পেলনীয়া বস্তু আৰু নলাৰ লেতেৰা পানী জমা হৈ থকা দৃশ্যই মহানগৰখনৰ আৱৰ্জনা নিষ্কাশন ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে।

গেটৱে' ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট, ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আৰু ৰ'পৱেৰ দৰে প্ৰকল্পসমূহে গুৱাহাটীৰ নদীকাষৰীয়া দৃশ্যপট সলনি কৰি তুলিছে। স্থানীয় লোকৰ লগতে পৰ্যটকক আকৰ্ষণ কৰিবলৈ এই আন্তঃগাঁথনি গঢ়ি তোলা হৈছে যদিও নদীখনৰ প্ৰকৃত অৱস্থাই এই সৌন্দৰ্যৰ বিপৰীত ছবিখনহে দাঙি ধৰিছে।

মহানগৰীৰ ব্যস্ত ভূতনাথ শ্মশান ঘাটৰ সমীপত এই সমস্যাটো আটাইতকৈ স্পষ্ট হৈ পৰিছে। নদীৰ পাৰত কাপোৰ, প্লাষ্টিককে ধৰি শৱদাহৰ সৈতে জড়িত বিভিন্ন অপ্ৰয়োজনীয় সামগ্ৰী জমা হৈ পৰিৱেশ বিনষ্ট কৰি আহিছে।

শ্মশান পৰিচালনা সমিতিৰ সদস্যসকলে জনোৱা মতে, তেওঁলোকে নিজাববীয়াকৈ ভাড়াতীয়া শ্ৰমিক লগাই নদীৰ পাৰ চাফ-চিকুণ কৰি ৰাখিবলৈ চেষ্টা কৰে। কিন্তু বাৰিষাৰ সময়ত পানীৰ স্তৰ বৃদ্ধি পালে জমা হোৱা সকলো আৱৰ্জনা নদীৰ বুকুলৈ উটি যায় বাবে এই ব্যৱস্থা অপৰ্যাপ্ত প্ৰমাণিত হৈছে।

শ্মশান সমিতিয়ে প্ৰকাশ কৰা মতে, প্ৰশাসনে যদি শ্মশান অঞ্চলত আৱৰ্জনা সংগ্ৰহ আৰু সংৰক্ষণৰ বাবে এটা উপযুক্ত ব্যৱস্থা কৰি দিয়ে, তেন্তে নদীখন প্ৰদূষিত হোৱাৰ পৰা যথেষ্ট পৰিমাণে ৰক্ষা পৰিব।