কলিয়াবৰৰ বৰঘূলীত ভয়ংকৰ পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত বাইক আৰোহী, পথ অৱৰোধ কৰি প্ৰতিবাদ

নগাঁও: নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন মিনি ট্ৰাক আৰু মটৰচাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, দুৰ্ঘটনাটোত আহত মটৰচাইকেল আৰোহীজনক শোণিতপুৰ জিলাৰ ছহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। বৰঘূলী অঞ্চলত মিনি ট্ৰাকখনৰ সৈতে বাইকখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয়। সংঘৰ্ষৰ ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

ইফালে, দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ পিছতে ক্ষুব্ধ স্থানীয় ৰাইজে চুলুং-লাওখোৱা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পথ অৱৰোধৰ ফলত অঞ্চলটোত কিছু সময়ৰ বাবে যান-বাহনৰ চলাচল ব্যাহত হয়।

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে চুলুং আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলায়।

দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভত সবিশেষ তথ্য এতিয়াও পোহৰলৈ অহা নাই। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।