নতুন দিল্লী, ২৮ নৱেম্বৰ: প্ৰস্তাৱিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে। এই বিধেয়কখনক গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে দেশত চীনৰ দৰে ব্যৱস্থা গঢ়ি তুলিবলৈ বিচাৰিছে। সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে বিজেপি দলে সকলো ক্ষমতা নিজৰ হাতত কেন্দ্ৰীভূত কৰি দীৰ্ঘদিন শাসন চলোৱাৰ পৰিকল্পনা কৰা বুলিও তেওঁ দাবী কৰে।

নতুন দিল্লীত বিৰোধী ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ ১১টা দলৰ এক বৈঠকৰ পাছত এই মন্তব্য কৰে খৰ্গেই। তেওঁ জনায় যে প্ৰস্তাৱিত বিধেয়কখনৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা ৮৫০ খনলৈ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে। কিন্তু এই আসন বৃদ্ধিৰ প্ৰক্ৰিয়াৰ আঁৰত চৰকাৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ গুৰুতৰ ক্ষতি হ'ব।

কংগ্ৰেছ সভাপতিগৰাকীয়ে অভিযোগ তোলে যে প্ৰস্তাৱিত বিধেয়কখনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধিৰ কোনো স্পষ্ট নিশ্চয়তা দিয়া হোৱা নাই। সংবিধানৰ ৩৩০ নং অনুচ্ছেদ অনুসৰি এই সম্প্ৰদায়সমূহৰ জনসংখ্যাৰ অনুপাতে প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৬ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ্নিৰ্ধাৰণ হ'লেহে এই সম্প্ৰদায়সমূহৰ বাবে অধিক আসন সংৰক্ষণৰ সুযোগ সৃষ্টি হ'ব।

নিৰ্বাচন আয়োগক সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱকো কঠোৰ ভাষাৰে সমালোচনা কৰে খৰ্গেই। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ ভূমিকা সন্দৰ্ভত প্ৰশ্ন তুলি তেওঁ আশংকা প্ৰকাশ কৰে যে সমষ্টি সংৰক্ষিত নে সাধাৰণ হ'ব, সেই সিদ্ধান্তত পক্ষপাতিত্ব হোৱাৰ সম্ভাৱনা আছে। এই প্ৰসংগত তেওঁ অসম আৰু জম্মু-কাশ্মীৰৰ পূৰ্বৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ কথাও উল্লেখ কৰে।

ইফালে ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ এই বৈঠকত ১১টা দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলেও শৰদ পাৱাৰৰ নেতৃত্বাধীন এনচিপি (এছপি) উপস্থিত নাছিল। ডিএমকে দলে এই বিধেয়কখনক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। বৈঠকৰ পাছত খৰ্গেই কয় যে মিত্ৰজোঁটে সংসদত এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিব। বিৰোধী দলসমূহৰ মাজত বিভাজন ঘটাই বিধেয়কখন গৃহীত কৰাৰ বাবে বিজেপিয়ে চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় কেবিনেটে ২৭ নৱেম্বৰত সংশোধিত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত অনুমোদন জনাইছিল। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বিশেষ অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰাৰ কথা আছে।