কলকাতা, ২৮ নৱেম্বৰ: কলকাতাৰ টপছিয়া অঞ্চলত থকা তৃণমূল কংগ্ৰেছৰ নিৰ্মাণৰত মুখ্য কাৰ্যালয়টো ছীল কৰিছে কলকাতা আৰক্ষীয়ে। পৌৰ নিগমৰ প্ৰয়োজনীয় অনুমতিপত্ৰ নথকাৰ অভিযোগ তুলি শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰে। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ মাজত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ আৰম্ভ হৈছে।

আৰক্ষীয়ে কাৰ্যালয় ভৱনটোৰ প্ৰৱেশদ্বাৰত বেৰিকেড স্থাপন কৰি সকলোধৰণৰ ৰাজনৈতিক সভা-সমিতি তথা দলীয় কাৰ্যসূচী অনুষ্ঠিত কৰাত বাধা আৰোপ কৰিছে। নিৰ্মাণকাৰ্যত নিয়োজিত শ্ৰমিকসকলৰ বাহিৰে আন কোনো লোকৰ প্ৰৱেশত অনুমতি দিয়া হোৱা নাই। শনিবাৰে পুৱাৰ পৰা অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হয়। ই এম বাইপাছৰ পৰা কাৰ্যালয়লৈ যোৱা পথত বেৰিকেড দিয়াৰ উপৰি তালৈ যোৱা লোকসকলৰ পৰিচয়-পত্ৰও পৰীক্ষা কৰা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্যালয়টোত মেৰামতি আৰু নিৰ্মাণৰ কাম চলি থকাৰ বাবে তৃণমূল কংগ্ৰেছে সাময়িকভাৱে আন এটা ভৱনৰ পৰা দৈনন্দিন কাম-কাজ পৰিচালনা কৰি আছিল। কিন্তু শেহতীয়াকৈ দলটোৰ মহিলা শাখা আৰু আই টি কোষে সামাজিক মাধ্যমযোগে দলীয় কৰ্মীসকলক এই নিৰ্মাণৰত কাৰ্যালয়লৈ আহিবলৈ আহ্বান জনায়। শুকুৰবাৰে ভৱনটোৰ তলৰ মহলাত এখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছতেই আৰক্ষীয়ে কাৰ্যালয়টো ছীল কৰে।

আৰক্ষীয়ে জনোৱা মতে, ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ বাবে ব্যৱহাৰ কৰিবলৈ পৌৰ নিগমৰ অনুমতি লোৱাটো বাধ্যতামূলক। প্ৰয়োজনীয় যাৱতীয় অনুমতি নথকাৰ বাবেই প্ৰশাসনে এই পদক্ষেপ লোৱা বুলি তৃণমূলৰ নেতাসকলক অৱগত কৰা হৈছে।

আৰক্ষীৰ এই ভূমিকাক লৈ তৃণমূল নেতা বৈশ্বানৰ চট্টোপাধ্যায়ে প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে দলীয় কৰ্মীসকলে নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰিবলৈ যোৱাৰ ক্ষেত্ৰতো বাধা প্ৰদান কৰা হৈছে। আনহাতে দলটোৰ বিধায়ক আখৰুজ্জামানে মন্তব্য কৰে যে এইটো সম্পূৰ্ণ প্ৰশাসনিক বিষয় আৰু ইয়াৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।

ইফালে, বিজেপিৰ মুখপাত্ৰ দেবজিৎ সৰকাৰে তৃণমূল কংগ্ৰেছক সমালোচনা কৰি কয় যে প্ৰশাসনে নিজৰ দায়িত্ব অনুসৰি পদক্ষেপ লৈছে আৰু ভৱনটোৰ নিৰ্মাণকাৰ্য বন্ধ কৰা হোৱা নাই। আইন সম্পৰ্কে কিবা জানিবলগীয়া থাকিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আদালতৰ দ্বাৰস্থ হ'বলৈও তেওঁ পৰামৰ্শ আগবঢ়ায়।