নতুন দিল্লী, ২৮ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলৈ লোৱা সমষ্টি পুনৰ্নিৰ্ধাৰণ সম্পৰ্কীয় সংবিধান সংশোধনী বিধেয়কৰ বিৰুদ্ধে উমৈহতীয়া স্থিতি গ্ৰহণৰ লক্ষ্যৰে শনিবাৰে এক বৈঠকত মিলিত হয় ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ কেইবাটাও দলৰ নেতৃবৃন্দ। ৰাজ্যসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নতুন দিল্লীস্থিত বাসগৃহত অনুষ্ঠিত এই বৈঠকত বিধেয়কখনৰ বিৰুদ্ধে সংসদত কেনে কৌশল অৱলম্বন কৰা হ’ব, সেই সন্দৰ্ভত বিতং আলোচনা কৰা হয়।
বৈঠকত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী বাদ্ৰা, জয়ৰাম ৰমেশ আৰু কে চি বেণুগোপালৰ লগতে তৃণমূল কংগ্ৰেছৰ অভিষেক বেনাৰ্জী, স্বতন্ত্ৰ সাংসদ কপিল ছিবাল, আৰজেডিৰ অভয় কুমাৰ সিং আৰু মনোজ ঝা, চিপিআইৰ পি সন্তোষ কুমাৰ, আইইউএমএলৰ ই টি মহম্মদ বশ্বীৰ আৰু আৰএছপিৰ এন কে প্ৰেমচন্দ্ৰন উপস্থিত থাকে। অৱশ্যে বৈঠকলৈ আমন্ত্ৰণ জনোৱা সত্ত্বেও ডিএমকে, আপ আৰু বিজু জনতা দলৰ কোনো প্ৰতিনিধিয়ে অংশগ্ৰহণ নকৰিলে।
বৈঠকৰ পূৰ্বে স্বতন্ত্ৰ সাংসদ কপিল ছিবালে প্ৰস্তাৱিত বিধেয়কখনক লৈ প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে বিধেয়কখন গৃহীত হ’লে লোকসভাৰ আসনৰ সংখ্যা প্ৰায় ৮৫০খনলৈ বৃদ্ধি পাব পাৰে। ইমান বৃহৎ সদস্যসংখ্যাৰ সদন সঠিকভাৱে পৰিচালনা কৰাটো সম্ভৱ হ’বনে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে। লগতে তেওঁ স্পষ্ট কৰে যে বিৰোধী দলসমূহে মহিলা সংৰক্ষণৰ বিৰোধিতা কৰা নাই আৰু বৰ্তমানৰ ৫৪৩খন আসনৰ ভিতৰতে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰিব পৰা যায়। চৰকাৰৰ মূল লক্ষ্য মহিলা সংৰক্ষণ নহয়, বৰং সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে দীৰ্ঘদিন ক্ষমতাত থকাৰ ব্যৱস্থা কৰাহে বুলি ছিবালে অভিযোগ তোলে।
ছিবালে লগতে অভিযোগ কৰে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দায়িত্বত থকা সংস্থাৰ নিযুক্তি আৰু সমষ্টিৰ সীমা নিৰ্ধাৰণত চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাব পাৰে। উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত নিজৰ পছন্দ অনুসৰি সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰি ‘গেৰিমেণ্ডাৰিং’ কৰাৰ আশংকাও তেওঁ ব্যক্ত কৰে।
কেন্দ্ৰীয় চৰকাৰে ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিছে। লোকসভাত ৩০ নৱেম্বৰত আৰু ৰাজ্যসভাত ২ ডিচেম্বৰত অধিৱেশন আৰম্ভ হ’ব। এই অধিৱেশনতে সংবিধানৰ ১৩২সংখ্যক সংশোধনী বিধেয়ক উত্থাপনৰ প্ৰস্তুতি চলিছে। বিধেয়কখনত লোকসভাৰ সৰ্বাধিক সদস্যসংখ্যা ৮৫০লৈ বৃদ্ধি, ৰাজ্যসমূহৰ আসন ৫০ শতাংশ বৃদ্ধি আৰু ২০৫১ চনলৈ সংশোধিত আসন-বিন্যাস তথা সমষ্টিৰ সীমা স্থিৰ কৰি ৰখাৰ প্ৰস্তাৱ আছে।
ইয়াৰ পূৰ্বে ১৭ এপ্ৰিলত উত্থাপিত সংবিধান সংশোধনী বিধেয়কখন লোকসভাত প্ৰয়োজনীয় দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাত ব্যৰ্থ হৈছিল। সেই ভোটগ্ৰহণত ২৯৮গৰাকী সাংসদে সপক্ষে আৰু ২৩০গৰাকীয়ে বিপক্ষে ভোট দিছিল। এইবাৰ সকলো ৰাজ্যৰ আসনৰ সংখ্যা সমানে ৫০ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ থাকিলে এনচিপি (শৰদচন্দ্ৰ পাৱাৰ) দলে নতুন বিধেয়কখনক সমৰ্থন দিয়াৰ ইংগিত দিছে। ডিএমকেয়েও বিধেয়কখনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে।