নতুন দিল্লী, ২৮ নৱেম্বৰ: পাকিস্তানৰ দখলত থকা জম্মু-কাশ্মীৰৰ ভূখণ্ড দখলমুক্ত হ'লে তাত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰস্তাৱিত 'ডিলিমিটেচন (ছেকেণ্ড) বিধেয়ক, ২০২৬'-ত এই ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। সোমবাৰে লোকসভাত উত্থাপনৰ বাবে তালিকাভুক্ত কৰা বিধেয়কখনৰ ৩(৪) নং ধাৰাত এই কথা স্পষ্ট কৰা হৈছে।বিধেয়কখনৰ প্ৰস্তাৱ অনুসৰি সংশ্লিষ্ট অঞ্চলটো পাকিস্তানৰ দখলৰ পৰা মুক্ত হ'লে জম্মু-কাশ্মীৰ বিধানসভাৰ সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণৰ দায়িত্ব নিৰ্বাচন আয়োগে পালন কৰিব। এই কামৰ বাবে নিৰ্বাচন আয়োগেই সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ হিচাপে কাম কৰিব। বিধেয়কখনত অঞ্চলটোক 'পাকিস্তানৰ দখলত থকা ভূখণ্ড' বুলি অভিহিত কৰা হৈছে যদিও 'পিঅ'কে' শব্দটো ব্যৱহাৰ কৰা হোৱা নাই।

জম্মু-কাশ্মীৰৰ বাকী অংশৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বাবে এক পৃথক সমষ্টি পুনৰ্নিৰ্ধাৰণ আয়োগ গঠনৰ প্ৰস্তাৱ আছে। এই আয়োগৰ অধ্যক্ষ হিচাপে সৰ্বোচ্চ ন্যায়ালয়ৰ কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীক নিযুক্তি দিয়া হ'ব। লগতে মুখ্য নিৰ্বাচন আয়ুক্ত অথবা এগৰাকী নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তকো এই আয়োগৰ সদস্য কৰাৰ ব্যৱস্থা ৰখা হৈছে।

অৱশ্যে পাক অধিকৃত কাশ্মীৰৰ বাবে সংৰক্ষিত ২৪খন বিধানসভা আসনৰ ক্ষেত্ৰত এই নতুন ব্যৱস্থা কেনেদৰে প্ৰযোজ্য হ'ব, সেই বিষয়ে বিধেয়কখনত স্পষ্ট কৰা হোৱা নাই। একেদৰে প্ৰস্তাৱিত ৫০ শতাংশ আসন বৃদ্ধিৰ ব্যৱস্থা এই ২৪খন আসনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বনে নহয়, সেই সন্দৰ্ভতো কোনো ব্যাখ্যা দিয়া হোৱা নাই। তদুপৰি উক্ত অঞ্চলৰ লোকসভা সমষ্টিসমূহৰ পুনৰ্নিৰ্ধাৰণৰ সন্দৰ্ভতো বিধেয়কখনত কোনো উল্লেখ নাই।

ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে 'ইউনিয়ন টেৰিটৰিজ ল'জ (এমেণ্ডমেণ্ট) ছেকেণ্ড বিধেয়ক, ২০২৬' উত্থাপনৰ বাবেও সাজু হৈছে। দিল্লী, জম্মু-কাশ্মীৰ আৰু পুডুচেৰীৰ প্ৰশাসনিক আইনসমূহ প্ৰস্তাৱিত ১৩২ সংখ্যক সংবিধান সংশোধনী বিধেয়কৰ সৈতে সংগতি ৰাখিবলৈ এই পদক্ষেপ লোৱা হৈছে।

প্ৰস্তাৱিত সংবিধান সংশোধনীৰ মূল উদ্দেশ্য হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কাৰ্যকৰী কৰা আৰু আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত অনুৰূপ বিধেয়ক উত্থাপন কৰা হৈছিল যদিও লোকসভাত প্ৰয়োজনীয় সমৰ্থন লাভ নকৰাত গৃহীত হোৱা নাছিল। সেয়ে পূৰ্বৰ বিধেয়কসমূহ প্ৰত্যাহাৰ কৰি এইবাৰ চৰকাৰে নতুন বিধেয়ক উত্থাপন কৰাৰ পৰিকল্পনা কৰিছে।