নতুন দিল্লী, ২৮ নৱেম্বৰ: দেশৰ নাৰী শক্তিক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে দৃঢ়প্ৰতিজ্ঞ। লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাটোৱেই চৰকাৰৰ মূল লক্ষ্য বুলি শনিবাৰে স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰস্তাৱিত ১৩২ সংখ্যক সংবিধান সংশোধনী বিধেয়কখনে সংসদৰ অনুমোদন লাভ কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

এটা ভিডিঅ’ বাৰ্তাযোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচিত প্ৰতিষ্ঠানসমূহত মহিলাৰ অধিক প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ দাবী বহু দশক ধৰি উত্থাপিত হৈ আহিছে। বিভিন্ন সময়ত বহু নেতাই এই দাবী পূৰণৰ চেষ্টা চলাইছে আৰু তেওঁ নিজেও এই লক্ষ্য বাস্তৱায়িত কৰাৰ প্ৰচেষ্টাৰ অংশীদাৰ বুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ মহিলাসকলৰ আশীৰ্বাদ চৰকাৰৰ লগত আছে। মহিলা সংৰক্ষণৰ পথত যিকোনো বাধা আহিলেও সেই সকলো প্ৰতিবন্ধকতা দূৰ কৰা হ’ব বুলি তেওঁ প্ৰতিগৰাকী মহিলাক আশ্বাস দিয়ে। ৰাজনৈতিক বিৰোধিতাৰ বাবে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ প্ৰতিনিধিত্বৰ ব্যৱস্থা অনিৰ্দিষ্টকাললৈ পিছুৱাই ৰাখিব নোৱাৰি বুলিও তেওঁ মন্তব্য কৰে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰস্তাৱিত বিধেয়কখন সমৰ্থন কৰিবলৈ সকলো ৰাজনৈতিক দলৰ প্ৰতি আহ্বান জনায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লোকসভা আৰু বিধানসভাসমূহত ৩৩ শতাংশ মহিলা সংৰক্ষণে শাসন ব্যৱস্থাত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব। লগতে নীতি নিৰ্ধাৰণ, আইন প্ৰণয়ন আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো মহিলাৰ উপস্থিতিয়ে এক নতুন দৃষ্টিভংগী আগবঢ়াব।

শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে সংবিধান সংশোধনী বিধেয়কখনত অনুমোদন জনায়। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত বিধেয়কখন উত্থাপনৰ প্ৰস্তুতি চলোৱা হৈছে। ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰীয় চৰকাৰে। এই প্ৰস্তাৱৰ সৈতে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰাৰ পৰিকল্পনাও সংযুক্ত হৈ আছে।