গুৱাহাটী, ২৮ নৱেম্বৰ: বৈধ ভ্ৰমণ নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত নাইজেৰিয়াৰ এগৰাকী ৪৪ বছৰীয়া নাগৰিকক কাছাৰ জিলাৰ এখন আদালতে এবছৰৰ কাৰাদণ্ড বিহিছে। কাৰাদণ্ডৰ লগতে আদালতে অভিযুক্তক ১০ হাজাৰ টকাৰ জৰিমনাও বিহে। এই জৰিমনা আদায় নিদিলে তেওঁ অতিৰিক্ত এমাহৰ কাৰাদণ্ড ভোগ কৰিব লাগিব।
মুখ্য ন্যায়িক দণ্ডাধীশ মতিলাল দাসৰ আদালতে দোষী সাব্যস্ত কৰা লোকজন নাইজেৰিয়াৰ ৰিভাৰ্ছ ৰাজ্যৰ ইণ্টেজা অঞ্চলৰ বাসিন্দা এমেকা এজেডো বুলি চিনাক্ত হৈছে।
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, যোৱা ২৫ মাৰ্চত এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই শিলচৰৰ পাৰ্ক ৰোডৰ ডিআইজি বাংলো পইণ্টত এখন অটোৰিক্সাৰ পৰা এজেডোক আটক কৰা হৈছিল। সেই সময়ত তেওঁৰ সৈতে আন চাৰিজন লোককো আৰক্ষীয়ে আটক কৰে। তেওঁলোক হৈছে মিজোৰামৰ আইজলৰ কে মালছমডুৱাংগী আৰু শিলচৰৰ বাসিন্দা পিংকু হুছেইন বৰভূঞা, টিংকু হুছেইন বৰভূঞা আৰু ৰমিনা বেগম বৰভূঞা।
আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে এজেডোৱে শিলচৰৰ ঘনিয়ালা অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰি আছিল। ভাৰতত প্ৰৱেশৰ বৈধ অনুমতি-পত্ৰ দেখুৱাবলৈ অপাৰগ হোৱাত তেওঁৰ বিৰুদ্ধে অবৈধ প্ৰৱেশৰ গোচৰ ৰুজু কৰা হয়। নাইজেৰিয়াৰ নাগৰিকজনক আশ্ৰয় আৰু সহায় আগবঢ়োৱাৰ অভিযোগত আন চাৰিজনৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিছিল।
শুকুৰবাৰে শুনানিৰ অন্তত আদালতে পাছপ'ৰ্ট আইন, ১৯৬৭ আৰু ইমিগ্ৰেচন এণ্ড ফৰেনাৰ্ছ এক্ট, ২০২৫-ৰ ২১ নং ধাৰাৰ অধীনত এজেডোক পৃথকে পৃথকে এবছৰকৈ কাৰাদণ্ড বিহে। দুয়োটা কাৰাদণ্ড একেলগে চলিব বুলি আদালতে ৰায়ত স্পষ্ট কৰে। অভিযোগ প্ৰমাণিত নোহোৱাত এজেডোৰ সৈতে আটক হোৱা বাকী চাৰিজন লোকক আদালতে গোচৰৰ পৰা নিৰ্দোষী সাব্যস্ত কৰি ৰেহাই দিয়ে।