স্কোৱাডৰ (এ টি এছ) অভিযানৰ সময়ত মাৰণাস্ত্রসহ সন্ত্রাসবাদী সংগঠন জৈছ-এই-মহম্মদৰে জড়িত এজন যুৱক গ্ৰেপ্তাৰ হয়। সন্দেহযুক্ত সন্ত্রাসবাদীটোৱে ভাৰতীয় বায়ু সেনাৰ ঘাটিত আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল বুলি জানিব পৰা গৈছে। কাৰিকৰী তথ্য আৰু চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বৃহস্পতিবাৰে নিশা মহম্মদ চাহাৰুল ইছলাম কবিৰুদ্দিন নামৰ সন্দেহযুক্ত সন্ত্রাসবাদীটোক এ টি - এছে গ্ৰেপ্তাৰ কৰে। সন্ত্রাসবাদীটো অসমৰ শ্রীভূমিৰ বাসিন্দা। এ টি এছৰ দলটোৱে যুৱকজনৰ পৰা এটা এছাল্ট ৰাইফল (সন্দেহযুক্ত এ কে-৪৭), ২৩টা ৭ সজীৱ গুলী, দুটা খালী কার্টিজ, এখন জে ই এমৰ পতাকা, ম'বাইল ফ'ন আৰু ছীম কার্ড জব্দ কৰে। এটা সূত্ৰৰ মতে, জেৰাৰ সময়ত পোহৰলৈ অহা ন মতে অভিযুক্তই বদোদৰাৰ ভাৰতীয় বায়ু সেনাৰ ঘাটিত আক্ৰমণৰ পৰিকল্পনা । কৰিছিল। সন্ত্রাসবাদীটোৰ ম'বাইল ফ'নত প্রতিষ্ঠানটোৰ ফটো উদ্ধাৰ কৰা । হৈছে বুলি এ টি এছৰ বিষয়াই জনাইছে। বিষয়াসকলে লগতে কয় যে অবৈধ কার্যকলাপ (প্ৰতিৰোধ) আইন (ইউ এ পি এ) আৰু ভাৰতীয় ন্যায় সংহিতাৰ হ প্ৰাসংগিক বিধানৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। এই সন্দর্ভত গুজৰাটৰ এ টি এছৰ ডি আই জি সুনীল যোশীয়ে জনায় যে গুজৰাট এ টি ত এছে এটা খবৰ লাভ কৰিছিল যে জৈছ-ই-মহম্মদৰ সৈতে জড়িত অন্য এখন ৰ ৰাজ্যৰ এজন লোক গুজৰাটত নিৰাপত্তা প্রতিষ্ঠানত আক্ৰমণৰ লক্ষ্যৰে আহি আছে। এই তথ্যৰ ভিত্তিত অনুসন্ধানৰ বাবে এটা দল গঠন কৰা হয়। সেই ত অনুসন্ধানৰ সময়ত জানিব পৰা মতে, মহম্মদ চাহাৰুল ইছলাম কবিৰুদ্দিন প নামৰ অসমৰ এজন যুৱকে নিজৰ ফ'ন ছুইটচ অফ কৰি গুজৰাটৰ এখন হোটেলত বাহৰ পাতি আছে। ৰে'লৱে ষ্টেছনৰ সমীপৰ মিলন নামৰ এখন হোটেলত আছিল। সেই হোটেলখনত খবৰ কৰাত গম পোৱা গ'ল যে মানুহজনে সম্পূর্ণ ধন আদায় দি হোটেলৰ পৰা ওলাই গৈছে। হোটেলত জমা দিয়া আধাৰ কাৰ্ড আৰু ফ'ন নম্বৰ পৰীক্ষা কৰি গম পোৱা গ'ল যে মানুহজনে বদোদৰালৈ উভতি আহি আছে। তেওঁ লগতে কয়, ইয়াৰ পাছতে বিভিন্ন পথত তালাচী চলোৱা হয়। ফ'ন নম্বৰটো ট্রেক কৰি অৱশেষত এটা বেগৰ সৈতে ২২ বছৰীয়া যুৱকজনক পালেডি বাছ আস্থানৰ সমীপৰ পৰা আটক কৰা হয়। পৰৱৰ্তী সময়ত বেগটো পৰীক্ষা কৰাত এটা ৰাইফলসহ মাৰণাস্ত্ৰ, জৈছ-ই-মহম্মদৰ পতাকা আৰু কিছু নগদ ধন জব্দ কৰা হয়। বিভিন্ন অনুসন্ধানৰ অন্তত লোকজনৰ হেণ্ডলাৰ মুফতি ৰফিক (ওৰফে ইবনে আব্দুল্লা) নামেৰে চিনাক্ত কৰা হয়। যিজন জৈছ-ই-মহম্মদৰ সৈতে জড়িত। নতুন ফ'ন ক্রয়, ভ্ৰমণ কৰা, হোটেলত থকা আৰু পৰৱৰ্তী সময়ত পলায়ন কৰা আদিৰ বাবে হেণ্ডলাৰে লোকজনক ৫০ হাজাৰ টকা দিছিল। অভিযুক্তই এই সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰাৰ লগতে তাৰ পাছত পলায়নৰ উদ্দেশ্য লৈছিল। - উল্লেখযোগ্য যে শ্রীভূমি জিলাৰ ৰাতাবাৰী থানাৰ অন্তৰ্গত পূৰ্ব টংগীবাৰী ভিতৰুৱা গাঁৱত ছাহাৰুল ইছলামৰ ঘৰ। আজি গুজৰাট আৰক্ষীৰ এটা দল শ্রীভূমিৰ ৰাতাবাৰী এলেকাৰ পূৰ্ব টংগীবাৰীৰ ছাহাৰুলৰ ঘৰত উপস্থিত হৈ শ্রীভূমি আৰক্ষীৰ সহযোগত তদন্ত চলায়। শ্রীভূমিৰ ৰামকৃষ্ণ নগৰ সমজিলাৰ আৰক্ষী অধীক্ষক আনছুল শৰ্মা আৰু ৰাতাবাৰী থানাৰ আৰক্ষীৰ দলে গুজৰাট আৰক্ষীৰ দলক সহযোগিতা আগবঢ়ায়। তেওঁলোকে ছাহাৰুলৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃ কবিৰ উদ্দিনক আটক কৰে। লগতে তদন্ত কৰি → এটা বেগৰ পৰা বহু জেহাদী সম্পর্কীয় কিতাপ জব্দ কৰে। লগতে ছাহাৰুলে জৈছ-ই-মহম্মদত যোগদান কৰাৰ কথা উল্লেখ কৰি লিখা কাগজো জব্দ কৰে। ছাহাৰুল ঘৰৰ ডাঙৰ ল'ৰা। কিছু বছৰ ৰাতাবাৰীৰ এখন মাদ্রাছাত পঢ়া-শুনা কৰিছিল। তাৰ পাছত উত্তৰ প্ৰদেশৰ দেওবন্দ মাদ্রাছাত পড়ে। কেইমাহমান পঢ়াৰ পাছত এই সংগঠনৰ সংস্পৰ্শলৈ যায়। মাজতে ঘৰলৈ আহে যদিও পুনৰ উভতি যায়। তাত গৈ জৈছ-ই-মহম্মদৰ হৈ কাম কৰাৰ , বাবে আগবাঢ়ে। ইপিনে, ছাহাৰুলৰ পিতৃ কবিৰ উদ্দিনে যোৱা ২২ নৱেম্বৰত ৰাতাবাৰী থানাত পুত্ৰ নিৰুদ্দেশ হোৱা বুলি লিখিত অভিযোগ দিয়ে। অর্থাৎ ছাহাৰুল ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। পিতৃ কবিৰ উদ্দিনক সোধা-- পোছাৰ বাবে থানালৈ লৈ যোৱা হৈছে। তদন্তত ছাহাৰুলৰ ঘৰৰ পৰা কিছু - আপত্তিজনক নথি-পত্ৰ জব্দ কৰে আৰক্ষীয়ে। নথি-পত্ৰসমূহ জব্দ কৰি । গুজৰাটৰ আৰক্ষীক চমজাই দিছে শ্রীভূমি আৰক্ষীয়ে। প্রাণিধানযোগ্যে যে ছাহাৰুলৰ পিতৃয়ে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰে।