গুৱাহাটীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ তদন্তত এক নতুন আৰু চাঞ্চল্যকৰ দিশ পোহৰলৈ আহিছে। প্ৰতিষ্ঠানখনৰে কৰ্মচাৰীয়ে পৰিকল্পিতভাৱে এই ডকাইতি কাণ্ড সংঘটিত কৰাত সহায় কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আৰক্ষীৰ ভাষ্য অনুসৰি, দ্বীপেন পাচী নামৰ এজন লোকে হাতত মাৰণাস্ত্ৰ লৈ দোকানখনৰ ভিতৰত প্ৰৱেশ কৰিছিল। পূৰ্বপৰিকল্পনা অনুসৰি প্ৰতিষ্ঠানখনৰ দুজন কৰ্মচাৰীয়ে নগদ ধনভৰ্তি বেগটো দ্বীপেন পাচীৰ হাতত তুলি দিছিল।

ঘটনাৰ তদন্তত নামি আৰক্ষীয়ে চলোৱা জেৰাত এই সমগ্ৰ ডকাইতি কাণ্ডৰ আঁৰৰ গোপন তথ্য ফাদিল হয়। সমগ্ৰ কাণ্ডটো আগতীয়াকৈ পৰিকল্পনা কৰি কৰ্মচাৰীৰ সহযোগত ৰূপায়ণ কৰা হৈছিল বুলি আৰক্ষীয়ে স্পষ্ট কৰিছে।