বিহালী সংৰক্ষিত বনাঞ্চলত অসমৰ বনকৰ্মীৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বনাঞ্চলখন পৰিদৰ্শন কৰাৰ পাছতেই ৰাধাচু বন শিবিৰৰ কৰ্মীক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা প্ৰায় ৭.৪০ বজাত অৰুণাচলৰ পৰা অহা বুলি সন্দেহ কৰা দুৰ্বৃত্তই বনকৰ্মীলৈ লক্ষ্য কৰি চাৰিজাই গুলীচালনা কৰে। গুলীসমূহ AK-47 ৰ পৰা নিক্ষেপ কৰা বুলি সন্দেহ কৰা হৈছে যদিও এই তথ্যৰ আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।

উল্লেখযোগ্য যে বিহালীত এয়াই প্ৰথম গুলীচালনাৰ ঘটনা নহয়। ইয়াৰ পূৰ্বে ৭ জুলাইত বনকৰ্মীয়ে অবৈধ গছ কটা বন্ধ কৰিবলৈ চেষ্টা কৰোঁতে দুৰ্বৃত্তই প্ৰায় ১৬ জাই গুলীচালনা কৰাৰ অভিযোগ উঠিছিল। তাৰ পাছত ১৫ জুলাইত বেদখল উচ্ছেদ অভিযানৰ সময়ত বনকৰ্মীৰ দললৈ প্ৰায় ৫০ জাই গুলীচালনা কৰাৰ খবৰো প্ৰকাশ পাইছিল। দুয়োটা ঘটনাতে কোনো লোক আহত হোৱা নাছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছিল।

বনাঞ্চলখনত বেদখল, অবৈধ গছ কটা আৰু ভূমি দখলৰ অভিযোগ দীৰ্ঘদিনীয়া। এনে পৰিস্থিতিত বাৰে বাৰে বনকৰ্মীক লক্ষ্য কৰি গুলীচালনাৰ অভিযোগে সীমান্তৱৰ্তী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন তুলিছে। এতিয়া প্ৰশ্ন—বনকৰ্মীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে কি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব?