নতুন গুৱাহাটী সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মাই ২৭ নৱেম্বৰত গুৱাহাটী কমাৰ্চ কলেজ পৰিদৰ্শন কৰে। মহাবিদ্যালয়খনত উপস্থিত হৈ তেওঁ অধ্যক্ষ, শিক্ষক গোট, কৰ্মচাৰী, ছাত্ৰ একতা সভাৰ প্ৰতিনিধি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে প্ৰতিষ্ঠানখনৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সন্দৰ্ভত এক বৈঠকত মিলিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিপুল দাসে বিধায়কগৰাকীক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায়।
আলোচনাত দীৰ্ঘদিন ধৰি জলমগ্ন হৈ থকা ড° বিৰিঞ্চি কুমাৰ বৰুৱা গ্ৰন্থাগাৰ পুনৰ নিৰ্মাণ, খেলপথাৰৰ উন্নয়ন, উদ্যোগীক প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীৰ উদ্যমিতা বিকাশ, ছাত্ৰাবাসৰ পুনৰ নিৰ্মাণ, প্ৰেক্ষাগৃহৰ আন্তঃগাঁথনি উন্নয়ন আৰু শ্ৰেণীকোঠাৰ সম্প্ৰসাৰণৰ দৰে বিষয়সমূহে স্থান পায়। বিধায়কগৰাকীয়ে পানী জমা হৈ থকা পুতৌজনক অৱস্থাত পৰিণত হোৱা গ্ৰন্থাগাৰটো নিজে প্ৰত্যক্ষ কৰি উদ্বেগ প্ৰকাশ কৰে। লগতে নতুনকৈ নিৰ্মাণ হৈ থকা ছাত্ৰী নিবাসো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।
শিক্ষাৰ্থীসকলক সম্বোধন কৰি বিধায়কগৰাকীয়ে কয় যে ভাৰত আজি বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু উন্নত ভাৰতৰ লক্ষ্যত মেধা পলায়ণ হ্ৰাস পাইছে। তেওঁ যুৱপ্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। মহাবিদ্যালয়খনৰ সকলো সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰি সোনকালে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে।
অনুষ্ঠানত প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি ৰঞ্জন বৰা, সঞ্চালক গুণমণি গগৈ, গ্ৰন্থাগাৰিক ড° উৎপল শৰ্মা আৰু বিজেপি গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক চিন্ময় শৰ্মা উপস্থিত থাকে। পাছত বিধায়কগৰাকীয়ে শিক্ষক গোটৰ সৈতেও সুকীয়াকৈ আলোচনাত বহে। অধ্যক্ষ ড° বিপুল দাসে সকলোৰে হৈ ধন্যবাদ জ্ঞাপন কৰি মহাবিদ্যালয়খনৰ সমস্যাসমূহ শীঘ্ৰেই সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে।