গুৱাহাটী, ২৮ নৱেম্বৰ: মহানগৰীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ সমীপত পিষ্টলৰ আৰ্হিৰ এয়াৰ গান দেখুৱাই এখন ডিপাৰ্টমেণ্টেল ষ্ট’ৰত ডকাইতি কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত দোকানখনৰ দুজন কৰ্মচাৰীকো আৰক্ষীয়ে সোধা-পোছা চলাইছে যদিও তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।
আৰক্ষীয়ে জনোৱা মতে, যোৱা ২৬ নৱেম্বৰৰ সন্ধিয়া এ টি ৰোডৰ মাজাৰ ৰোডত অৱস্থিত ‘স্পাইচ ৰেক’ নামৰ ডিপাৰ্টমেণ্টেল ষ্ট’ৰখনত এই ঘটনা সংঘটিত হয়। দোকান বন্ধ কৰাৰ সময়ত মুখ ঢাকি অহা এজন দুৰ্বৃত্তই কৰ্মচাৰীসকলক পিষ্টলৰ দৰে দেখা এয়াৰ গান দেখুৱাই ভাবুকি দিয়ে আৰু দিনটোৰ বিক্ৰীৰ নগদ ধন লৈ উধাও হয়।
ঘটনা সন্দৰ্ভত পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয়। কেন্দ্ৰীয় আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তৰ তদাৰকত চিচিটিভি ফুটেজ পৰীক্ষা আৰু কাৰিকৰী নজৰদাৰীৰ জৰিয়তে আৰক্ষীয়ে অভিযান চলাই অভিযুক্ত দীপন পাছীক গ্ৰেপ্তাৰ কৰে। হোজাই জিলাৰ লামডিং থানাৰ অন্তৰ্গত শাস্তিগাঁৱৰ বুধিয়া পাছীৰ পুত্ৰ দীপন পাছীয়ে বৰ্তমান গুৱাহাটীৰ লাচিত নগৰত এটা ভাড়াঘৰত বাস কৰি আছিল। তেওঁ জিমৰ ব্যক্তিগত প্ৰশিক্ষক হিচাপে কৰ্মৰত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।
অভিযুক্তজনৰ পৰা এখন ৰঙা-ক’লা স্কুটাৰ, দুটা এয়াৰ গান, এটা ক’লা হুডি, এযোৰ বগা জোতা আৰু চিচিটিভি ফুটেজত দেখা ৰঙা বেগ এটা আৰক্ষীয়ে জব্দ কৰিছে। জব্দ কৰা এয়াৰ গান দুটাৰ ভিতৰত এটা বেৰেটা পিষ্টলৰ আৰ্হিৰ। দোকানখনৰ অধিকাংশ লেনদেন ডিজিটেল পদ্ধতিৰে হোৱাৰ বাবে নগদ ধনৰ পৰিমাণ কম আছিল আৰু অভিযুক্তই প্ৰায় ৪,০০০ৰ পৰা ৫,০০০ টকা লৈ যোৱা বুলি আৰক্ষীয়ে অনুমান কৰিছে।
দোকানখনৰ দুই কৰ্মচাৰী ছাকিল আৰমান আৰু ভাস্কৰ দাসে অভিযুক্তৰ সৈতে মিলি এই ডকাইতিৰ পৰিকল্পনা কৰিছিল নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে কেৱল দীপন পাছীকহে গ্ৰেপ্তাৰ কৰা হৈছে বুলি স্পষ্ট কৰিছে আৰক্ষীয়ে। অভিযুক্তৰ ম’বাইল ফোন পৰীক্ষা কৰি অনলাইনযোগে এয়াৰ গান ক্ৰয় কৰাৰ দাবী আৰু আন কোনো লোক জড়িত থকাৰ সম্ভাৱনাও চালি-জাৰি চোৱা হৈছে।