ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত সোণম ৰঘুবংশী আৰু আন দুজন অভিযুক্তক অস্ত্ৰ আইনৰ অভিযোগৰ পৰা অব্যাহতি দিয়া নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মেঘালয় উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰে দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে সোণম ৰঘুবংশীসহ আন দুজন অভিযুক্তলৈ জাননী জাৰি কৰিছে।
ন্যায়াধীশ বিশ্বদীপ ভট্টাচাৰ্যৰ আদালতত যোৱা ২৬ নৱেম্বৰত এই গোচৰৰ শুনানি অনুষ্ঠিত হয়। নিম্ন আদালতে ১ জুলাইত প্ৰদান কৰা নিৰ্দেশ বাতিলৰ দাবী জনাই চৰকাৰী পক্ষই যুক্তি দাঙি ধৰে। উক্ত নিৰ্দেশ যোগে সোণম ৰঘুবংশী আৰু আন দুজন সহ-অভিযুক্তক অস্ত্ৰ আইনৰ অধীনৰ অভিযোগৰ পৰা অব্যাহতি দিয়া হৈছিল। আদালতত ৰাজ্য চৰকাৰৰ হৈ যুক্তি দাঙি ধৰে এডভোকেট জেনেৰেল অমিত কুমাৰে আৰু তেওঁক সহায় কৰে চৰকাৰী অধিবক্তা এ এছ পাণ্ডেই।
শুনানিৰ সময়ত ৰাজ্য চৰকাৰে এই আবেদন দাখিল কৰাত হোৱা ৪২ দিনৰ পলম মাৰ্জনা কৰিবলৈ আদালতক অনুৰোধ জনায়। ইয়াৰ পাছতে উচ্চ ন্যায়ালয়ে সোণম ৰঘুবংশী আৰু আন দুজন অভিযুক্তলৈ জাননী জাৰি কৰি তিনি সপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ সমান্তৰালকৈ দুদিনৰ ভিতৰত জাননী প্ৰেৰণৰ যাৱতীয় প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিয়া হয়।
উল্লেখ্য যে, ২০২৫ চনৰ ২ জুনত মেঘালয়ৰ ৱেই ছাৱডঙৰ সমীপৰ এটা দ খাৱৈৰ পৰা ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তাৰ পাছতে ৯ জুনত অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হয়। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ২৫ জুনত মধ্যপ্ৰদেশৰ ইন্দোৰত এটা দেশীয়ভাৱে নিৰ্মিত ৭.৬৫ মিলিমিটাৰ পিষ্টল, দুটা মেগাজিন আৰু দুটা সক্ৰিয় গুলী উদ্ধাৰ হোৱাৰ পাছত গোচৰটোত অস্ত্ৰ আইনৰ অভিযোগ সংযোজন কৰা হৈছিল।
গোচৰটোৰ তদন্তৰ অংশ হিচাপে যোৱা ৫ ছেপ্টেম্বৰত আৰক্ষীয়ে প্ৰথমখন অভিযোগনামা দাখিল কৰে আৰু ২৮ অক্টোবৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত অভিযোগ গঠন কৰা হয়। ইপিনে ২০২৬ চনৰ ২০ জানুৱাৰীত দাখিল কৰা পৰিপূৰক অভিযোগনামাত অস্ত্ৰ উদ্ধাৰ সংক্ৰান্তত অস্ত্ৰ আইনৰ অভিযোগসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।
বৰ্তমান এই গোচৰটোত দুটা পৃথক আইনী প্ৰক্ৰিয়া চলি আছে। ইয়াৰে এটা হৈছে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাকাণ্ডৰ মূল বিচাৰ প্ৰক্ৰিয়া আৰু আনটো হৈছে অস্ত্ৰ আইনৰ অভিযোগৰ পৰা অভিযুক্তসকলক অব্যাহতি দিয়া নিম্ন আদালতৰ ৰায়ৰ বিৰুদ্ধে চৰকাৰৰ এই আবেদন। উচ্চ ন্যায়ালয়ৰ শেহতীয়া জাননীখন এই আবেদনৰ সৈতে জড়িত আৰু এই বিষয়ত চূড়ান্ত সিদ্ধান্ত এতিয়াও ঘোষণা হোৱা নাই।