নতুন দিল্লী, ২৮ নৱেম্বৰ: চাকৰিৰ প্ৰলোভনেৰে ভাৰতলৈ আনি চাইবাৰ প্ৰৱঞ্চনাৰ কামত লগোৱা এটা চক্ৰৰ কবলৰ পৰা ২৩৬গৰাকী বিদেশী নাগৰিকক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উত্তৰ প্ৰদেশৰ নয়ডাৰ পৰা উদ্ধাৰ কৰা এই লোকসকলৰ ভিতৰত ১৬৪গৰাকী ইণ্ডোনেছিয়া আৰু ৭২গৰাকী মালয়েছিয়াৰ নাগৰিক। এই ঘটনাই মানৱ সৰবৰাহ আৰু আন্তঃৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ এক ভয়ংকৰ জাল পোহৰলৈ আনিছে।আৰক্ষীয়ে জনোৱা মতে, তথ্য প্ৰযুক্তি খণ্ডত উচ্চ দৰমহাৰ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে লোকসকলক ভাৰতলৈ অনা হৈছিল। কিন্তু ইয়াত উপস্থিত হোৱাৰ পাছত তেওঁলোকৰ পাছপ’ৰ্ট কাঢ়ি লোৱা হয় আৰু অনলাইন প্ৰৱঞ্চনাৰ কাম কৰিবলৈ বাধ্য কৰোৱা হয়। তেওঁলোকক নিজৰ ইচ্ছামতে বাহিৰলৈ ওলাই যোৱাতো বাধা আৰোপ কৰা হৈছিল।
চক্ৰটোৰ কবলৰ পৰা পলাই সাৰিবলৈ সক্ষম হোৱা এগৰাকী মালয়েছিয়াৰ নাগৰিকে আৰক্ষীক অৱগত কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীৰ মতে, অনলাইনত মহিলাৰ ভুৱা পৰিচয় লৈ আন লোকৰ সৈতে যোগাযোগ কৰিবলৈ আৰু ভুৱা মঞ্চত ধন বিনিয়োগৰ প্ৰলোভন দিবলৈ এই লোকসকলক ব্যৱহাৰ কৰা হৈছিল।
এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এতিয়ালৈকে এগৰাকী মালয়েছিয়াৰ নাগৰিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। চলোৱা অভিযানত প্ৰায় ৫৫০টা কম্পিউটাৰ, লেপটপ আৰু ম’বাইল ফোন জব্দ কৰা হৈছে। চক্ৰটোৰ সৈতে কোনো আন্তঃৰাষ্ট্ৰীয় অপৰাধী নেটৱৰ্ক জড়িত আছে নেকি, সেই সন্দৰ্ভত তদন্ত চলি আছে।
শেহতীয়াভাৱে দেশত চাইবাৰ অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ২০২৫ চনত নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং প’ৰ্টেলত প্ৰায় ২৮ লাখ অভিযোগ দাখিল হৈছিল আৰু প্ৰৱঞ্চনাৰ বলি হৈ লোকে প্ৰায় ২২,৪৯৫ কোটি টকা হেৰুৱাইছিল। ভুৱা বিনিয়োগৰ প্ৰলোভন দি সামাজিক মাধ্যম, বাৰ্তা আৰু ফোন কলৰ জৰিয়তে ধন আত্মসাৎ কৰাটো চাইবাৰ অপৰাধীৰ অন্যতম প্ৰধান কৌশল হৈ পৰিছে।
ইয়াৰ পূৰ্বে জুলাই মাহত লক্ষ্ণৌ আৰক্ষীয়েও আমেৰিকাৰ নাগৰিকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত এটা ভুৱা কল চেণ্টাৰত অভিযান চলাই ১১৯গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল।