২৩ সংখ্যক সদৌ অসম ৰাজ্যিক মুৱাই থাই চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি সোণাপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰতিভাৱান খেলুৱৈ জয়শ্ৰী বড়োৱে। কাছাৰৰ শিলচৰত অনুষ্ঠিত এই ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত খেলুৱৈগৰাকীয়ে উৎকৃষ্ট প্ৰদৰ্শনেৰে এই সাফল্য লাভ কৰে।

সোণাপুৰৰ ডিগাৰুৰ বটাকুছি গাঁৱৰ সবিতা বড়ো আৰু প্ৰয়াত প্ৰবীণ চন্দ্ৰ বড়োৰ কন্যা জয়শ্ৰীৰ এই সফলতাই সমগ্ৰ অঞ্চলটোলৈ আনন্দৰ জোৱাৰ আনিছে।

জয়শ্ৰী বড়ো সোণাপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী। অধ্যয়নৰ সমান্তৰালভাৱে ক্ৰীড়াক্ষেত্ৰতো নিষ্ঠাৰে মনোনিৱেশ কৰা জয়শ্ৰীয়ে প্ৰশিক্ষক কণক বড়ো আৰু প্ৰতাপ ৰাহাঙৰ তত্ত্বাৱধানত মুৱাই থাইৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে।

খেলুৱৈগৰাকীৰ এই উল্লেখনীয় সফলতাত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, সহপাঠী আৰু স্থানীয় ৰাইজে আনন্দ প্ৰকাশ কৰি তেওঁক অভিনন্দন জনায়। জয়শ্ৰীয়ে ভৱিষ্যতে অঞ্চলটোৰ নাম আৰু অধিক উজলাব বুলি স্থানীয় ৰাইজে আশা প্ৰকাশ কৰিছে।