যোৰহাট, ২৯ নৱেম্বৰ:
২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাট চহৰৰ মাজমজিয়াত সংঘটিত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডই আজি পাঁচটা বছৰ গৰকিলে। যোৰহাট চহৰৰ নিৰ্মল চাৰিআলিত সংঘটিত এই বৰ্বৰ গণপ্ৰহাৰৰ ঘটনাটোৱে সমগ্ৰ অসমবাসীক জোকাৰি গৈছিল।
মানৱতাৰ খাতিৰত পথ দুৰ্ঘটনাত পতিত এজন লোকক সহায় কৰিবলৈ আগবাঢ়ি যাওঁতেই সৃষ্টি হোৱা ভুল বুজাবুজিৰ বাবে এদল উন্মত্ত লোকে অনিমেষ ভূঞাক গণপ্ৰহাৰ চলাই হত্যা কৰাৰ লগতে তেওঁৰ দুই সতীৰ্থ মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্তক গুৰুতৰভাৱে আহত কৰিছিল।
এই মৰ্মান্তিক ঘটনাৰ পাছতে আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি মুঠ ১৫ জন লোকক গ্ৰেপ্তাৰ কৰে। ঘটনা সংঘটিত হোৱাৰ মাত্ৰ ৫০ দিনৰ ভিতৰতে আৰক্ষীয়ে ১৪ জন অভিযুক্তৰ বিৰুদ্ধে আদালতত এখন বিশদ চাৰ্জশ্বীট দাখিল কৰিছিল।
হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে ‘ক’লা ল’ৰা’ই ২০২১ চনৰ ১ ডিচেম্বৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাইছিল। সেই সময়তে এক পথ দুৰ্ঘটনাত পতিত হৈ তেওঁ নিহত হয়।
আনহাতে, ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা যোৰহাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ পৰৱৰ্তী সময়ত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰৰ কেইবাজনো অভিযুক্তক জামিন প্ৰদান কৰে।