গুৱাহাটী, ২৯ অক্টোবৰঃ গুৱাহাটীৰ বৰা চাৰ্ভিচস্থিত হোটেল বিলাস ইনত সংঘটিত গুলীচালনাৰ ঘটনাত আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ ক্ৰমে উন্নতি হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (GMCH) অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীৰ মতে, সকলো ঠিকে থাকিলে অহা চাৰি-পাঁচ দিনৰ ভিতৰত পাঠকক চিকিৎসালয়ৰ পৰা ছুটী দিয়া হ’ব পাৰে।
অৱশ্যে, স্বাস্থ্যৰ উন্নতি হ’লেও সত্যেন্দ্ৰ পাঠক বৰ্তমানেও আই চি ইউত চিকিৎসাধীন হৈ আছে। ডাঃ চৌধুৰীয়ে জনোৱা অনুসৰি, ২৬ অক্টোবৰৰ নিশাৰ তুলনাত তেওঁৰ অৱস্থাৰ উন্নতি হৈছে। ঘটনাটোৰ পাছত নিশা শোৱাত অসুবিধা পোৱাৰ কথাও তেওঁ উল্লেখ কৰে। চিকিৎসকৰ মতে, এনে লক্ষণে আঘাতজনিত মানসিক চাপৰ ইংগিত দিব পাৰে।
বৰ্তমান পাঠকক পৰিয়ালৰ সদস্যৰ বাহিৰে আন কোনো লোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি হাস্পতালৰ অধীক্ষকে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে ২৬ অক্টোবৰৰ নিশা বৰা চাৰ্ভিচৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাত পাঁচজন লোকৰ মৃত্যু হৈছিল আৰু সত্যেন্দ্ৰ পাঠক আহত হৈছিল। হোটেলখনৰ মালিকপক্ষ আৰু লীজ লোৱা গৰাকীৰ মাজত সম্পত্তি পৰিচালনাক লৈ হোৱা বিবাদৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাৰম্ভিক তদন্তত সন্দেহ কৰা হৈছে।
এই ঘটনাৰ অভিযুক্ত ঘনকান্ত গগৈ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে। ঘটনাটোৰ সম্পূৰ্ণ কাৰণ আৰু পৰিস্থিতি জানিবলৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে।
পাঁচজন লোকৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ সৃষ্টি কৰাৰ মাজতে আহত সত্যেন্দ্ৰ পাঠকৰ স্বাস্থ্যৰ উন্নতিৰ খবৰ পৰিয়াল আৰু শুভাকাংক্ষীসকলৰ বাবে কিছু সকাহৰ বিষয় হৈ পৰিছে।