কোকৰাঝাৰ, ২৯ অক্টোবৰঃ কোকৰাঝাৰৰ ছাই এছটিচি খেলপথাৰত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ইষ্ট জ’ন আছমিতা হকী লীগৰ আজি সফল সামৰণি পৰে। ২৫ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনত ছাব-জুনিয়ৰ আৰু জুনিয়ৰ শাখাত বিভিন্ন ৰাজ্যৰ কেইবাটাও দলে অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী, বিধায়ক ৰূপম চন্দ্ৰ ৰায়, বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী আৰু কৰ্মেশ্বৰ ৰায়ৰ লগতে এমচিএলএ যুবিৰাজ বসুমতাৰী উপস্থিত থাকে।

অসম হকী আৰু কোকৰাঝাৰ হকী এছ’চিয়েচনৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাই অঞ্চলটোত হকী খেলৰ প্ৰসাৰ ঘটোৱাৰ লগতে প্ৰতিভাৱান খেলুৱৈসকলক আগবাঢ়ি যোৱাৰ সুযোগ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হয়।

প্ৰতিযোগিতাৰ ছাব-জুনিয়ৰ শাখাৰ চূড়ান্ত খেলত ওড়িশাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। আনহাতে, মিজোৰামে ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে।

ইফালে, জুনিয়ৰ শাখাৰ চূড়ান্ত খেলত Odisha Naval Tata Hockey High Performance Centre-এ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। এই শাখাত Hockey Association of Odisha-ই ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাখনৰ জৰিয়তে যুৱ খেলুৱৈসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰাৰ লগতে উত্তৰ-পূব আৰু পূব ভাৰতত হকী খেলৰ বিকাশৰ ক্ষেত্ৰতো ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।