গুৱাহাটীঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত ন্যায়ৰ দাবীত আন্দোলন অব্যাহত ৰখাৰ কথা স্পষ্ট কৰি দিছে সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আছু ক্ষান্ত নহয় বুলি উল্লেখ কৰি দোষী সাব্যস্ত হোৱা লোকক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় তেওঁ।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অসমৰ প্ৰতিখন জিলাৰ সদৰত ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা বুলি উল্লেখ কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তেওঁৰ মতে, ৰাইজে এতিয়া ৰাজপথলৈ ওলাই অহা নাই বুলিয়েই মনৰ ক্ষোভ শেষ হৈ যোৱা নাই। জুবিন গাৰ্গৰ ন্যায়ৰ দাবী এতিয়াও অসমৰ মানুহৰ মনত জীয়াই আছে বুলিও তেওঁ মন্তব্য কৰে।
গোচৰটোৰ ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি আছুৰ নেতাগৰাকীয়ে কয় যে আদালতে ন্যায় প্ৰদান কৰিব বুলি তেওঁলোক আশাবাদী। অৱশ্যে, দোষীয়ে দৃষ্টান্তমূলক শাস্তি নোপোৱালৈকে ন্যায়ৰ দাবীত আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অসম বিধানসভাত মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ড বুলি উল্লেখ কৰা বিষয়টোও বক্তব্যত উত্থাপন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। এছআইটিয়ে অভিযোগনামা দাখিল কৰাৰ পাছত তাত উল্লেখ কৰা তথ্য আৰু প্ৰমাণ আদালতত প্ৰতিষ্ঠা কৰাৰ দায়িত্ব অসম চৰকাৰৰ বুলি তেওঁ মন্তব্য কৰে। অভিযোগনামাত উল্লেখ কৰা তথ্যসমূহ আদালতত প্ৰমাণ কৰাৰ ক্ষেত্ৰত চৰকাৰে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিব লাগিব বুলিও তেওঁ কয়।
বক্তব্যত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ন্যায়ৰ দাবীত ৰাজ্যপালৰ কাষ চাপিবলগীয়া হোৱা বিষয়টোও উল্লেখ কৰে আছুৰ নেতাগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ অসমৰ ৰাইজৰ মনত থকা গভীৰ আৱেগ আৰু ক্ষোভৰ কথাও তেওঁ দোহাৰে।
ইফালে, বিভিন্ন দল-সংগঠনৰ সৈতে একেলগে আন্দোলন কৰাৰ প্ৰসংগত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছুৰ আদৰ্শ, চিন্তা আৰু কৰ্মপন্থাৰ সৈতে মিল থকা সংগঠনৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰি যাব সংগঠনটোৱে। অৱশ্যে, আদৰ্শ আৰু কৰ্মপন্থাৰ মিল নথকা সংগঠনৰ সৈতে একেলগে কাম কৰাৰ ক্ষেত্ৰত আছুৱে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিব বুলিও তেওঁ স্পষ্ট কৰে।