হাইলাকান্দিত কৰ্তব্যত গাফিলতিৰ অভিযোগত ৫গৰাকী কৃষি উন্নয়ন বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰিৰ নিৰ্দেশ কৃষি মন্ত্ৰী পিজু হাজৰিকাৰ। ক্ষেত্ৰ পৰিদৰ্শন নকৰাৰ অভিযোগত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
জাননীৰ উত্তৰ সন্তোষজনক নহ’লে বিষয়াসকলক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে। কৃষক পঞ্জীয়ন আৰু চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানত গাফিলতি সহ্য কৰা নহ’ব বুলিও স্পষ্ট কৰি দিয়ে তেওঁ।
জাননী লাভ কৰা বিষয়াসকল হ’ল— আদিত্য বেজবৰুৱা, ৰাজিবুল হক মোল্লা, প্ৰিয়াংকু মজুমদাৰ, মাধুৰ্য হাজৰিকা আৰু আকাশদ্বীপ কাৰিকাপচা।