শিৱসাগৰ, ৩১ অক্টোবৰঃ ঐতিহ্য সংৰক্ষণ আৰু যমুনাৰ বেদখল উচ্ছেদৰ দাবীত অহা ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনাইছে আটাছুৱে। আটাছুৰ সভাপতি বসন্ত গগৈয়ে ঘোষণা কৰা অনুসৰি, পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ এই বন্ধ কাৰ্যসূচী পালন কৰা হ’ব।
জানিব পৰা মতে, আজি শিৱসাগৰ জিলা প্ৰশাসনে আলোচনাৰ বাবে আটাছুৰ কেন্দ্ৰীয় নেতৃত্বক আমন্ত্ৰণ জনাইছিল। কিন্তু এটা স্পৰ্শকাতৰ বিষয়ক লৈ অনুষ্ঠিত হ’বলগীয়া আলোচনাত জিলা আয়ুক্ত মৃদুল যাদৱ উপস্থিত নথকাত ক্ষোভ প্ৰকাশ কৰে আটাছুৰ নেতৃবৰ্গই। ইয়াৰ পিছতে আলোচনা কক্ষ ত্যাগ কৰে সংগঠনটোৰ প্ৰতিনিধিসকলে।
আলোচনা বিফল হোৱাৰ পিছতে আটাছুৰ সভাপতি বসন্ত গগৈয়ে ৬ নৱেম্বৰত ১২ ঘণ্টীয়া শিৱসাগৰ জিলা বন্ধৰ আহ্বান জনায়। তেওঁ স্পষ্ট কৰি দিয়ে যে অসমৰ ঐতিহ্যৰ সৈতে কাকো খেলা কৰিবলৈ দিয়া নহ’ব। লগতে যমুনাৰ বেদখল উচ্ছেদৰ দাবীও পুনৰ উত্থাপন কৰে।
আটাছুৰ এই বন্ধৰ আহ্বানৰ পিছত বিষয়টোৱে শিৱসাগৰত নতুনকৈ চৰ্চা লাভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত জিলা প্ৰশাসনৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই।