গুৱাহাটী, ৩১ অক্টোবৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ১৯গৰাকী আৰক্ষী বিষয়া আৰু কৰ্মচাৰী। দেশৰ বিভিন্ন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুঠ ৪৯০গৰাকী বিষয়া-কৰ্মচাৰীক এই পদক প্ৰদান কৰা হৈছে।

বিশেষ অভিযান শাখাত উল্লেখযোগ্য অৱদানৰ বাবে অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়াই এই সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত আছে গুৱাহাটী মহানগৰ আৰক্ষীৰ আয়ুক্ত পাৰ্থসাৰথি মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক।

ইয়াৰ উপৰি অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক ব'জি তালুকদাৰ, পৰিদৰ্শক কমলেশ সিং, ভাস্কৰমণি পাটোৱাৰী, চন্দ্ৰজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, শংকৰজ্যোতি নাথ আৰু কপিল পাঠকেও এই সন্মান লাভ কৰিছে।

আনহাতে, উপ-পৰিদৰ্শক ৰোহিত দাস, অংশুমান কলিতা, ভেজলী নাথ, জিতুমণি ৰাভা আৰু প্ৰণৱজ্যোতি ভট্টাচাৰ্যৰ লগতে সহকাৰী উপ-পৰিদৰ্শক আহমেদ আলী, লেন্স নায়ক কমল বড়ো আৰু কনিষ্টবল বৰুণ মেধিকো কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ৰ বাবে নিৰ্বাচিত কৰা হৈছে।

অসম আৰক্ষীৰ ১৯গৰাকী বিষয়া-কৰ্মচাৰীৰ এই স্বীকৃতিয়ে ৰাজ্যৰ আৰক্ষী বাহিনীৰ বাবে বিশেষ সন্মান কঢ়িয়াই আনিছে।