গুৱাহাটী, ৩১ অক্টোবৰঃ ৰাজ্যৰ সকলো মন্ত্ৰীলৈ জৰুৰী নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে। এতিয়াৰে পৰা বিভিন্ন সমিতিৰ বৈঠক আৰু চৰকাৰী কাৰ্যসূচীত সংশ্লিষ্ট স্থানীয় বিধায়কসকলক আমন্ত্ৰণ জনোৱাটো নিশ্চিত কৰিব লাগিব মন্ত্ৰীসকলে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে, বিভিন্ন সমিতিৰ বৈঠকত স্থানীয় বিধায়কসকলক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। বহু ক্ষেত্ৰত বিধায়কসকলক আমন্ত্ৰণ জনোৱা নহয় বুলিও অভিযোগ উঠিছে। ইয়াৰ পিছতে বিষয়টোত স্পষ্ট নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে।

নিৰ্দেশনাত কি আছে?

১. যিকোনো সমিতিৰ বৈঠক অনুষ্ঠিত কৰাৰ আগতে সংশ্লিষ্ট স্থানীয় বিধায়কক জ্ঞাত কৰিব লাগিব।

২. বাজেট অধিৱেশন বা চৰকাৰী কাৰ্যসূচীত মন্ত্ৰী উপস্থিত থাকিলে, তেনে স্থানীয় বিধায়ককো আমন্ত্ৰণ জনাই যথোচিত সন্মান প্ৰদৰ্শন কৰিব লাগিব।

৩. বিভাগীয় বৈঠক বা চৰকাৰী পৰ্যালোচনা সভাত বিধায়কৰ উপস্থিতি বাধ্যতামূলক নহ’লেও, সৌজন্যতাৰ খাতিৰত সংশ্লিষ্ট বিধায়কক আমন্ত্ৰণ জনাব লাগিব।

মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাৰ পিছত এতিয়াৰে পৰা চৰকাৰী বৈঠক আৰু কাৰ্যসূচীত স্থানীয় বিধায়কসকলৰ অংশগ্ৰহণ আৰু গুৰুত্ব নিশ্চিত কৰাৰ দায়িত্ব মন্ত্ৰীসকলৰ ওপৰত থাকিব।